আগৰতলাঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানে অভিলেখ গঢ়ি ১১ বজালৈকে ২৩ শতাংশ লোকে ভোটদান কৰে৷ চহৰ অঞ্চলৰ তুলনাত গ্ৰাম্য এলেকাত ৰাইজে অত্যাধিক ভোটদান প্ৰদান কৰে৷ মহিলাই পুৱাৰ ভাগত বেছিকৈ ওলাই আহে৷ দেওবাৰে পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হৈছে৷
ত্ৰিপুৰাত ৩,২১৪টা ভোটগ্ৰহণ কেন্দ্ৰত ২৬ লাখ ভোটাৰে নিজ নিজৰ মতদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ পুৱাই ত্ৰিপুৰাৰ ভোট কেন্দ্ৰ সমূহত মহিলাৰ সংখ্যা বেছি দেখা যায়৷ লাইনত থিয় দিয়া লোকৰ ভিতৰত মহিলাৰ সংখ্যা বেছি দেখা যায়৷