মেঘালয়ঃ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে মেঘালয়ত ঘটিল অঘটন। দুৰ্বৃত্তই আইইডি আক্ৰমণ কৰি হত্যা কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জনাথান চাংমাইক। কেন্ত্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইষ্ট গাৰো হিলচৰ চংচেং সমষ্টি প্ৰচাৰ চলাব অহাৰ এটা দিন পুৰ্বে ঘটিল এই অপ্ৰত্যাশিত ঘটনা।
গৃহমন্ত্ৰীগৰাকীয়ে সভা অনুষ্ঠিত কৰিব লগা সমষ্টিটোৰ পৰা ৩০ কিলোমিটাৰ দুৰৈৰ উইলিয়ামনগৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জনাথান চাংমাই দুগৰাকী সুৰক্ষা বিষয়াৰ সৈতে স্কৰপিঅ’ এখনত সমান্দা চবক ৰে গাঁৱত ভ্ৰমণ কৰি থকা অৱস্থাতে আইইডি আক্ৰমণৰ সমুখীন হয়।
Deeply saddened to hear about the unexpected loss of Jonathone N Sangma. My heartfelt condolences to his near and dear ones. The blood of innocents spilled by the enemies of the State will not disturb the peace in Meghalaya.