ডিজিটেল ডেস্কঃ পাঞ্জাৱ নেচনেল বেংকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ ১১ হাজাৰ কোটিতকৈও অধিক টকা লৈ উধাও হোৱা ব্যৱসায়ী নীৰৱ মোডী এতিয়া পলাতক। হীৰা ব্যৱসায়ী মোডীৰ পত্নী আৰু ল’ৰা-ছোৱালী সম্প্ৰতি নিউয়ৰ্কত৷ PNBৰ ঘটনাৰ বাবে সমগ্ৰ দেশতে সমালোচনাৰ এতিয়া তুংগত উঠাৰ সময়তে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ সমালোচনাত পিছ পৰি ৰোৱা নাই বিৰোধী দলসমূহৰ লগতে সহযোগী দলসমূহো৷
প্ৰতিটো সময়তে বিজেপি দলৰ কিছুমান কাৰ্যকলাপক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোডীক সমালোচনা কৰি অহা বিজেপি দলৰে সাংসদ শত্ৰুঘ্ন সিনহাই PNB কাণ্ডকলৈও কটাক্ষ কৰিবলৈ নেৰিলে শাসিত চৰকাৰৰ লগতে নৰেন্দ্ৰ মোডীক৷ এই ঘটনাৰ বাবে টুইট কৰা সিনহাই সমালোচনাৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোডীক৷