গুৱাহাটীঃ যোৱা দুদিন ধৰি বিজেপিৰ বিৰুদ্ধে টুইট আক্ৰমণ অব্যাহত আছে কংগ্ৰেছ অধ্যক্ষৰ৷ যোৱা দুদিন পঞ্জাৱ নেচ’নেল বেংকৰ ১২০০০ কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল টুইট যোগে৷ ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইট যোগে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ৰাহুল গান্ধীয়ে প্ৰথমে ললিত তাৰ পিছত মালিয়া আৰু এতিয়া নীৰৱ মোডীয় পলায়ণ কৰিছে বুলি টুইট কৰাৰ পিছতেই এইবাৰ বিজেপিৰ নতুন কাৰ্যালয় সন্দৰ্ভত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৰাহুল গান্ধীয়ে৷
ৰাহুল গান্ধীয়ে মঙলবাৰে টুইট কৰি কয় ‘‘ৰাম জি ৰেহ গেয়ে তম্বু মে’ বিজেপি চল গেয়ে ৭ মঞ্জিলা হাই টেক দপ্তৰ মে’’৷ ইমানে কিছু সময়ৰ পিছত পুনৰ আন এটা টুইট কৰি পুনৰ বিজেপিক আক্ৰমণ কৰি কয় ‘‘ভাৰত কৌ মোডীয়ে নে লুটা আংগ্ৰেজৌ মে কাহা দম থা, দেশ কা বেংক লুট গেয়ী কিউকি চৌকীদাৰ পকোৰে তলনে মে’ মগন থা৷