ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টি পৰিচালিত দিল্লী চৰকাৰৰ সকলোধৰণৰ কাম-কাজত কেন্দ্ৰ চৰকাৰে বিধিপথালি দি অহাৰ অভিযোগ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখত সততে শুনা যায়। এইবাৰ কেজৰিৱাল চৰকাৰক হতবাক কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৯ জন গুৰুত্বপুৰ্ণ চৰকাৰী উপদেষ্টাক অপসাৰণ কৰাৰ কথা পত্ৰযোগে অৱগত হোৱাৰ পিছতে খৰ্গহস্ত হৈ পৰিছে কেজৰিৱাল।
দিল্লী চৰকাৰৰ মন্ত্ৰীসকলৰ উপদেষ্টাৰ তালিকাত নজন উপদেষ্টাৰ নাম সন্নিবিষ্ট নকৰাৰ কথা উল্লেখ কৰা পত্ৰখনত কোৱা হৈছে যে কেন্দ্ৰ চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ প্ৰস্তাৱিত তালিকাখন প্ৰস্তুত কৰা হৈছিল।