ডিজিটোল ডেস্কঃ দেশৰ ৫৮ গৰাকী সাংসদ তথা মন্ত্ৰীৰ বিৰুদ্ধে বিভেদকামী আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানক লৈ গোচৰ ৰুজু হৈ আছে৷ এই তথ্য প্ৰকাশ পাইছে এচ’চিয়েছন অৱ ডেমক্ৰেটিক ৰিফাৰ্মচ (এডিআৰ)ৰ এক সমীক্ষাত৷ দেশত বিভিন্ন সময়ত বিদ্বেষপূৰ্ণ মন্তব্যৰে বিভেদ আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰা সাংসদ-মন্ত্ৰী-নেতাসকলৰ অধিকাংশই হৈছে বিজেপি নেতা৷
এডিআৰৰ প্ৰতিবেদনখনত কোৱা হৈছে- ‘লোকসভাৰ বৰ্তমানৰ ১৫গৰাকী সাংসদে ভাষণ প্ৰসংগত বিভেদকামী আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বিষয়ে উল্লেখ কৰিছে৷ কিন্তু ৰাজ্যসভাৰ কোনো সদস্যই এই বিষয়ে উল্লেখ কৰা নাই৷’
এডিআৰৰ প্ৰতিবেদন অনুসৰি, লোকসভাত যি ১৫গৰাকী সাংসদে নিজৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য প্ৰচাৰৰ বাবে ৰুজু হোৱা গোচৰৰ বিষয়ে স্বীকাৰ কৰিছে, তাৰ ভিতৰত ১০ গৰাকী সাংসদেই হৈছে বিজেপি দলৰ৷ আনফালে, এআইইউডিএফ, তেলংগানা ৰাষ্ট্ৰ সমিতি, পীএমকে, এআইএমআইএম আৰু শিৱসেনা দলৰো এগৰাকীকৈ সাংসদে বিভেদকামী আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণৰ বাবে চেষ্টা চলাইছিল৷