ডিজিটেল ডেস্কঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা নেতা ৰূপে প্ৰতিষ্ঠা লাভ কৰা কানহায়া কুমাৰ আৰু শ্বেইলা ৰছিদ ছাত্ৰ ৰাজনীতিৰ পৰা ভোট যুদ্ধলৈ সাজু হৈছে৷ ২০১৬ চনত ছাত্ৰৰ হকে দেশ কঁপাই যোৱা প্ৰতিবাদী কাৰ্যসূচীৰে সংবাদ মাধ্যম, ছচিয়েল মিডিয়াত চৰ্চিত হৈ জনপ্ৰিয় হৈ পৰা দুই ছাত্ৰ নেতা কানহায়া কুমাৰ আৰু শ্বেইলা ৰছিদে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে। এই কথাৰেই ইংগিত দিছে শেহতীয়াকৈ সংবাদমাধ্যমৰ লগত হোৱা সাক্ষাতকাৰত দুই যুৱ নেতা-নেত্ৰীয়ে।
আৰম্ভণিৰে পৰা এনডিএ চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰি অহা কানহায়া আৰু শ্বেইলাই ২০১৯ত বিজেপিক প্ৰতিহত কৰাৰ বাবে এক বৃহৎ মিত্ৰজোঁটৰ বাবে পৰিকল্পনা চলাই আছে। গুজৰাট বিধানসভা নিৰ্বাচনত দলিতৰ যুৱ নেতা জিগনেশ মেৱানীৰ সফলতাৰ উদাহৰণ দি ছাত্ৰনেতাদ্বয়ে কয় যে সাামাজিক আৰু ৰাজনৈতিক গোটবোৰৰ লগতে ‘উদাৰ আৰু অগ্ৰণী চিন্তাধাৰাৰ শক্তি’ৰ সমন্বয় সাধনেৰে বিজেপিক প্ৰতিহত কৰা সম্ভৱ।