Home ৰাজনীতিহিমন্তই ব্যৰ্থ হৈয়ে এৰিছে শিক্ষা বিভাগঃ সংবাদ মেলত ক’লে তৰুণ গগৈয়ে

হিমন্তই ব্যৰ্থ হৈয়ে এৰিছে শিক্ষা বিভাগঃ সংবাদ মেলত ক’লে তৰুণ গগৈয়ে

by News Desk
64 views
A+A-
Reset

গুৱাহাটীঃ পুনৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ সৰ্বানন্দ সোণোৱালে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ এদিন পিছতেই কইনাধৰাত সংবাদমেল অনুষ্ঠিত কৰি বিজেৰি চৰকাৰক উভটি ধৰিলে তৰুণ গগৈয়ে৷ শুকুৰবাৰে কইনাধৰাত সংবাদমেল আয়োজন কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শাসকীয় চৰকাৰখনৰ বিফলতাসমূহ আঙুলি টোৱাই ৰাজ্য চৰকাৰৰ সমালোচনা কৰে৷ 

তৰুণ গগৈয়ে সংবাদমেলত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপিয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰি ৰাজ্যৰ সৰ্বসাধাৰণৰ আশাত চেঁচাপানীহে ঢালিছে৷ ইফালে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতেই দলৰ ভিতৰ আৰু বাহিৰ চৰাত সংঘটিত হোৱা মতবিৰোধক বিদ্ৰোহ বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে ৰাজ্যত আৰম্ভ হোৱা বিদ্ৰোহে ৰাজ্য চৰকাৰৰ আচল স্বৰূপটোহে উদঙাইছে৷ বিজেপিয়ে গাই ফুৰা ‘সব কা সাথ, সবকা বিকাশ’ আচলতে এতিয়া অসাৰ৷ বিজেপিয়ে যোগ্যজনক মন্ত্ৰিত্ব প্ৰদান নকৰি অযোগ্য জনকহে মন্ত্ৰিত্বৰ ভাৰ দিছে বুলিও মন্তব্য কৰে তৰুণ গগৈয়ে৷
 
ইফালে পঞ্চদশ বিত্তীয় আয়োগৰ বৈঠক সম্পৰ্কেও সংবাদমেলখনত টিপ্পনী কৰে তৰুণ গগৈয়ে৷ পঞ্চদশ বিত্তীয় আয়োগৰ বৈঠকে ৰাজ্যৰ বাবে ভাল ইংগিত প্ৰদান নকৰা বুলি মন্তব্য কৰে গগৈয়ে৷ তেওঁ ইয়াকো কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা আছে বুলি কৈ অহা কথাষাৰ বিত্তীয় আয়োগে মিছা বুলিহে প্ৰতিপন্ন কৰাইছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়- হিমন্তই জিএছটি পৰা লাভ হ’ব বুলি কৈছিল৷ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিএছটিৰ পৰা লোকচানহে হৈছে বুলি কৈছে৷ ইয়াৰ পৰা দুয়োগৰাকী নেতাৰ মাজৰ মতৰ অমিল ধৰিব পাৰি৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0