ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ সাজু হৈ উঠিছে ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দল৷ শুকুৰবাৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ মংগোলৰৰ এক দলীয় অনুষ্ঠানত দলৰ ঘোষণাপত্ৰ প্ৰকাশ কৰে৷ কংগ্ৰেছৰ ঘোষণাপত্ৰ প্ৰকাশ অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামেয়াৰ লগতে আন কেইবগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে৷
কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অনুষ্ঠানত দলৰ ঘোষণাপত্ৰ প্ৰকাশ কৰি কয়- ‘আমি কৰ্ণাটকৰ প্ৰতিখন ৰাজ্যৰ সাধাৰণ নাগৰিকৰ পৰা ৰায় গ্ৰহণ কৰি এই ঘোষণাপত্ৰ প্ৰস্তুত কৰিছো৷ আমি এই ঘোষণাপত্ৰত উল্লেখ কৰা প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিম৷’ ৰাহুল গান্ধীয়ে অনুষ্ঠানত বিজেপিয়ে কৰ্ণাটকৰ সংস্কৃতি ধ্বংস কৰিছে বুলি কৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷