ডিজিটেল ডেস্কঃ আপুনি কল্পনা কৰকচোন, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি নেতাসকলক প্ৰতি দিনে পাঠদান কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি নেতাসকলক একত্ৰিত কৰি যি পাঠ পঢ়ুৱাইছে, তাৰ ভিতৰত আছে- কিদৰে মুখ বন্ধ কৰি ৰাখিব লাগে, কিদৰে বিতৰ্ক এৰাই চলিব লাগে, কথা কিয় কমকৈ ক’ব লাগে ইত্যাদি ইত্যাদি৷ কথাবোৰ ভাবি আপুনি আচৰিত হৈছে নেকি? নিশ্চয় হোৱা নাই৷ বৰ্তমান দেশৰ নেতাসকলৰ মাজত যি পৰিস্থিতি, তাৰ বাবে নেতাসকলৰ প্ৰধানমন্ত্ৰীয়ে এনে এটা পাঠদান কৰাটো নিশ্চয় আপুনিও আৱশ্যক বুলিয়েই ভাবিছে৷
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সতে সাক্ষাৎ কৰি তেনে এক পাঠ দান কৰিব বুলিয়েই সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কিছুদিনৰ পৰা কিছুমান অদ্ভূত আৰু বিতৰ্কিত মন্তব্য প্ৰদান কৰি বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ ৰামায়ণৰ যুগতে ইন্টাৰেটৰ ব্যৱহাৰ হোৱা বুলি হাস্যকৰ মন্তব্য প্ৰদান কৰাৰ লগতে বিপ্লৱ দেৱে যুৱকসকলক চৰকাৰী চাকৰিৰ পিছত লাগি নাথাকি পাণ-দোকান দি কৰ্ম সংস্থাপন লাভ কৰিবলৈ দিয়া পৰামৰ্শই দেশত মন্ত্ৰীগৰাকীৰ মূৰ্খতা প্ৰকাশ কৰিছে বুলিয়েই ধাৰণা কৰিব পাৰি৷ তদুপৰি সুখী পৰিয়ালৰ ৰহস্য ফাদিল কৰিও পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ৷