ডিজিটেল ডেস্কঃ পাকিস্তানৰ এসময়ৰ জনপ্ৰিয় তাৰকা ক্ৰিকেটাৰ তথা দেশখনৰ বিৰোধী দলৰ নেতা ইমৰান খানক শুকুৰবাৰে পাকিস্তানৰ আদালতে দোষমুক্ত বুলি ঘোষণা কৰে। ২০১৪ চনত ইছলামাবাদত বিৰোধী দলৰ এক সমদলৰ সৈতে আৰক্ষীৰ সংঘাতৰ সময়ত আৰক্ষী বিষয়া এগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত ইমৰান খানক শুকুৰবাৰে আদালতে নিৰ্দোষী বুলি ৰায় দিয়ে।
প্ৰধানমন্ত্ৰীৰ পদপ্ৰত্যাশী বিৰোধী দলৰ নেতা তথা পাকিস্তান তেহৰিক এ ইনচাফ দলৰ অধ্যক্ষ ইমৰান খানে জুলাইত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে দেওবাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। ১১ দফীয়া নিৰ্বাচনী ইস্তাহাৰখনত দেশখনৰ ৰাজনৈতিক পৰিৱেশ সুস্থিৰ কৰাৰ অংগীকাৰ কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাক সমূলঞ্চে উৎখাত কৰাৰ কথা উল্লেখ কৰিছে নেতাগৰাকীয়ে।