newsnextone.cpm ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ জেডিএছৰ চৰকাৰ গঠনত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশেষ ভূমিকা থকা বুলি চৰ্চালৈ আহিছে। বিজেপিক ৰোধ কৰিবলৈ মমতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াক ফোন কৰি কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব দিয়াৰ পৰামৰ্শ দিয়া বুলি প্ৰচাৰ আৰম্ভ হৈছে। তাৰ লগে লগে কৰ্ণাটকৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে এদিন পূৰ্বে উপস্থিত হয় বাংগালুৰুত। বুধবাৰে সকলোৰে নজৰ আছিল মমতাৰ ওপৰত৷
মমতা বেনাৰ্জী ইউপিএৰ অধ্যক্ষ ছোনীয়ে গান্ধী, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, এছপিৰ নেতা অখিলেশ যাদৱ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইড়ু, চিপিআইএমৰ নেতা সীতাৰাম য়েচুৰী, অজিত সিং, এনচিপিৰ নেতা শৰদ পাৱাৰ, আদমি পাৰ্টিৰ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, উপস্থিত থাকে৷ একপ্ৰকাৰ কবলৈ গলে বিৰোধীৰ সভাত পৰিণত হৈ পৰে শপত গ্ৰহণ অনুষ্ঠান৷