newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ-জেডিএছৰ মিত্ৰ বন্ধনৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা কুমাৰস্বামীয়ে দেওবাৰে দুই দলৰ মিত্ৰতা সন্দৰ্ভত কয় যে কৰ্ণাটকৰ নিৰ্বাচনত জেডিএছ-এ জনতাৰ পৰা একক সমৰ্থন বিচাৰিছিল যদিও সেয়া লাভ নকৰাত এতিয়া কংগ্ৰেছৰ কৃপাৰ বলতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’বলৈ সক্ষম হৈছে৷
কুমাৰস্বামীয়ে কয়, ‘জনতা দল চেকুলাকে অকলে চৰকাৰ গঠন কৰা নাই৷ মই ৰাজ্যখনৰ নাগৰিকৰ পৰা জনাদেশ বিচাৰিছিলো যাতে মই জনতাৰ বাহিৰে ানৰ ওচৰত মূৰ নত কৰিব লগা নহয়৷ কিন্তু এতিয়া মই কংগ্ৰেছৰ কৃপাৰে মুখ্যমন্ত্ৰী হৈছো৷ মই ৰাজ্যখনৰ প্ৰায় ৬ কোটি জনতাৰ চাপত নাই৷’