newsnextone.com | গুৱাহাটীঃ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে অগপৰ সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উল্লেখ কৰা হ’ব বুলি কৈ ধুমুহাৰ সৃষ্টি কৰা হ’ব কৈছিল সংবাদ মাধ্যমৰ সন্মুখত৷ অৱশেষত শুকুৰবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ’ল৷ কিন্তু মুখ্যমন্ত্ৰীৰ সন্মুখত তথা কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন নকৰিলে যাৰ ফলত কেবিনেটত এই বিষয়ে আলোচনা কৰা নহ’ল৷ উল্লেখ্য যে কেবিনেটত বিষয়টো আলোচনা কৰিবলৈ পূৰ্বেই অগপৰ তিনি মন্ত্ৰীয়ে জনাব লাগিছিল যদিও জনোৱা নাছিল৷
63