newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ আৰু জনতা দল চেকুলাৰে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ এমাহ পূৰ নৌহওঁতেই আৰম্ভ হৈছে পদত্যাগ পৰ্বৰ৷ কংগ্ৰেছৰ উত্তৰ কৰ্ণাটকৰ কৰ্যকৰী সভাপতি শিৱানগৌড়া ৰুদ্ৰগৌড়া পাটিলে কৰ্ণাটকত কংগ্ৰেছে পৰাজয় বৰণৰ নৈতিক দায়িত্ব স্বীকাৰ নিজৰ পদৰ পৰা পদত্যাগ কৰে৷
দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এনএনআইৰ বাতৰি মতে পাটিলে নিজৰ পদত্যাগ পত্ৰখন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে৷ কিন্তু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমিতিয়ে তেওঁৰ পদত্যাগ সম্পৰ্কে এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে৷ ইফালে পাটিলৰ পদত্যাগৰ বাতৰি প্ৰচাৰৰ পিছতে বিৰোধি দলে কৰ্ণাটক চৰকাৰখনক আক্ৰমণ কৰিবলৈ সুযোগ লাভ কৰা পৰিলক্ষিত হৈছে৷