newsnextone.com | ডিজিটেল ডেস্কঃ এনচিপি প্ৰধান শাৰদ পাৱাৰে বিৰোধী একত্ৰিত হোৱাৰ এয়াই উপযুক্ত সময় বুলি কয়৷ সোমবাৰে শাৰদ পাৱাৰে উপ-নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়বৰণ সৰু কথা নহয় বুলি কয়৷ পাৱাৰে গেৰুৱা দলৰ বিৰুদ্ধে বিৰোধীক এখন মঞ্চত একত্ৰিত হোৱাৰ আহ্বান জনায়৷ তেওঁ নিজেই বিৰোধীক একত্ৰিত কৰাৰ বাবে আগভাগ লবৰ বাবে সাঁজু থকা বুলি কয়৷ দেশত ১৯৭৭ চনৰ দৰে পৰিস্থিতৰ সৃষ্টি হোৱা বুলি কৈ এনে পৰিস্থিতিতে বিৰোধীয়ে ইন্দিৰা গান্ধীক শাসনৰ পৰা বিতাড়িত কৰিছিল বুলি কয়৷
পাৱাৰে উপ-নিৰ্বাচনৰ ফলাফল বিজেপি বিৰুদ্ধে যোৱা বুলি কৈ এয়া কোনো সৰু কথা নহয়৷ পাৱাৰে এই মন্তব্য উপ-নিৰ্বাচনত নিজ দল এনচিপিৰ পৰা জয়ী হোৱা ভাণ্ডাৰা-গন্ধীয়াৰ নৱ নিৰ্বাচিত সাংসদক সাক্ষাৎ কৰাৰ পিছত প্ৰকাশ কৰে৷