newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তেজস্বী যাদৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীত্বৰ বাবে যোগ্য বুলি দাবী কৰিছে৷ তেজস্বীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীক পূৰ্ণ সমৰ্থন আগবঢ়াই প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য বুলি দাবী কৰে৷
উল্লেখ্য যে, যোৱা মাহত কৰ্ণাটকত সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ৰাহুল গান্ধীয়ে নিজৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাৰ কথা প্ৰকাশ কৰিছিল৷ তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰি কৈছিল যে যদি ২০১৯ৰ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে তেওঁ প্ৰধানমন্ত্ৰী পদৰ বাবে সাজু আছে৷ কিন্তু প্ৰধানমন্ত্ৰীৰ পদৰ দৌৰত ৰাহুল গান্ধীৰ লগতে আন কেইবাগৰাকীও নেতাই যোগ দিয়া পৰিলক্ষিত হৈছে৷