newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ বৰ্তমান পৰিস্থিতিক লৈ গুলাম নবী আজাদৰ পিছত আন এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চৈফুদ্দিন চোজে কয় যে কাশ্মীৰে পাকিস্তানৰ সৈতে সংযোগ হোৱাৰ পৰিৱৰ্তে স্বকীয় স্বাধীনতাহে বিচাৰে৷
চোজে নিজৰ বিবাদস্পষ্ট মন্তব্য পোষণ কৰি কয় যে কাশ্মীৰে ভাৰতৰ পৰা মুক্ত হ’ব বিচাৰে৷ যদিও তেওঁ এয়া তেওঁৰ ব্যক্তিগত মন্তব্য আৰু দলৰ সৈতে এই মন্তব্যৰ কোনো সামাঞ্জস্য নাই বুলিও স্পষ্ট কৰে৷ আনহাতে ভাৰত চৰকাৰে বিচ্চিন্নতাবাদী আৰু বিক্ষোভকাৰী সকলৰ সৈতে আলোচনা কৰাটোও প্ৰয়োজন বুলি দাবী কৰে চোজে৷