newsnextone.com | বিলাসীপাৰাঃ নামনি অসমত অগপ দলক শক্তিশালী কৰাৰ লক্ষ্যৰে নামি পৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী৷ যোৱা কেইবাটাও দিনত বিলাসীপাৰা, ধুবুৰী, উত্তৰ শালমাৰা আদি জিলাৰ বিভিন্ন ঠাইত দলীয় সভা-সমিতিত অংশ লৈ নেতাগৰাকীয়ে পূৰ্বৰ অগপ দলৰ নেতা তথা যুৱ কৰ্মী আৰু বিভিন্ন জিলা সমিতি, আঞ্চলিক সমিতিক সাক্ষাৎ কৰিছে৷
অগপৰ একাংশ নেতাই বহু বছৰ ধৰি দলৰ পৰা দুৰত থাকি নিষ্ক্ৰিয় হৈ আছিল৷ সেই সকল নেতাক পুনৰ দলৰ মজিয়ালৈ আনি পুনৰ দলক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে৷ বিশষকৈ সংখ্যালঘূ এলেকাত অগপই খোপনি পোতা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছ আৰু ইউডিএফক প্ৰত্যাহ্বান জনাই অগপ দলে হোজাই, বৰপেটা, ধুবুৰী, উত্তৰ শালমাৰা আদি ঠাইত নিতৌ সভা-সমিতি অনুষ্ঠিত কৰি গৈছে৷