newsnextone.com | ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শনিবাৰে বিৰোধী দলক আক্ৰমণ কৰি কয় যে হিচাপবিহীন প্ৰতিশ্ৰুতি প্ৰদান কৰা লোকে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে আৰু বিধানসভা নিৰ্বাচনৰ পিছত যদি ‘বান্দৰৰ দল’ শাসনলৈ আহে তেন্তে ৰাজ্য ধ্বংস হোৱাটো নিশ্চত৷
তেলেগু দেশম পাৰ্টীৰ তৰফৰ পৰা আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শিক্ষকসকলক সম্বোধিত কৰি আছিল৷ উল্লেখ্য যে, কিছুদ্ন পূৰ্বে ৰাজ্যখনৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰাৰ পিছত শিক্ষকসকলে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুষ্ঠানত অংশ লৈছিল৷