newsnextone.com | ডিজিটেল ডেস্কঃ জৰুৰীকাল লাগু কৰাৰ বিৰুদ্ধে প্ৰত্যেক বৰ্ষতে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰা পৰিলক্ষিত হৈ আহিছে৷ পুনৰ এবাৰ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে ২৫ আৰু ২৬ জুনত ক’লা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে৷ ৪৩ বছৰ পূৰ্বে ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমগ্ৰ দেশত জৰুৰীকাল লাগু কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
বিজপিয়ে কংগ্ৰেছৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে, দেশত জৰুৰীকাল লাগু কৰি কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰিছিল৷ বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এনে পৰিস্থিতিত টুইট কৰি কয়, ‘১৯৭৫ চনত আজিৰ দিনটোতে মাত্ৰ শাসনৰ লালসাত কংগ্ৰেছে নিজৰ ৰাজনৈতিক স্বাৰ্থক আগস্থান দি দেশৰ গণতন্ত্ৰক হত্যা কৰি থৈ গৈছে৷ কংগ্ৰেছে দেশৰ সংসদক নিস্ক্ৰিয় কৰি উচ্চতম ন্যায়ালয়ক মুকদৰ্শক হিচাপে উপস্থাপন কৰিছিল আৰু সংবাদ মাধ্যমৰ মুখত তলা লগাই দিছিল৷’