newsnextone.com | ডিজিটেল ডেস্কঃ ৪৩ বছৰ পূৰ্বে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লাগু কৰা জৰুকালীন অৱস্থাৰ বিৰোধিতাৰে ক’লা দিৱস পালন কৰি বিজেপিয়ে কংগ্ৰেছক জোৰদাৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ এইবাৰ কংগ্ৰেছৰ আক্ৰমণৰ লক্ষ্য কৰি মঙলবাৰে টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কয়, ‘ভাৰতে জৰুকালীন অৱস্থাক ক’লা দিৱস হিচাপে মনত ৰাখিছে৷ সেই কালত দেশৰ সকলো অনুষ্ঠান ধ্বংস কৰি পেলাৱো হৈছিল আৰু ভয়ৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল৷ জৰুৰীকালত কেৱল জনতাৰ স্বাধীনতাই নহয়, লগতে বিচাৰ-চিন্তাধাৰও বন্দী কৰি ৰখা হৈছিল৷’