newsnextone.com| ডিজিটেল ডেস্কঃ দেশত জৰুৰীকাল লাগু কৰাৰ ৪৩ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে বিজেপিয়ে সমগ্ৰ দেশ জুৰি ক’লা দিৱস পালন কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ এনে কাৰ্যত পিছত বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰাৰ দৰে বিৰোধীয়েও বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷ এআইএমআইএমৰ নেতা তথা সাংসদ অচদুদ্দীন ঔবেছীয়েও বিজেপিৰ ক’লা দিৱস পালনক লৈ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে৷
ঔবেছীয়ে কয়, ‘কোনো ব্যক্তিয়েই ইমাৰজেন্সী, মহাত্মা গান্ধীৰ হত্যা, বাবৰী বিধ্বংস, ১৯৮৪ চনৰ শিখ সংঘৰ্ষ আৰু ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ কথা পাহৰি যাব নালাগে৷ স্বাধীন ভাৰতৰ এইসমূহ গুৰুত্বপূৰ্ণ ঘটনা৷’