newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে মোগল শাসন ঔৰংগজেৱৰ বিৰুদ্ধে বিৰুপ মন্তব্য প্ৰকাশ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মোগল সম্ৰাট ঔৰংগজেৱৰ বিৰুদ্ধে অভিযোহ উত্থাপন কৰি কয় যে ঔৰংগজেৱে কাশ্মীৰি পণ্ডিত সকলক ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰাইছিল৷
বুধবাৰে লক্ষ্নৌৰ বানজাৰা সম্প্ৰদায়ৰ এখন জনসভা সম্বোধিত কৰি যোগী আদিত্যনাথে কয়, ঔৰংগজেৱে যেতিয়া কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল, ঔৰংগজেৱৰ পৰা মুক্তি পোৱাৰ আশাৰে কাশ্মীৰি পণ্ডিতৰ এটা দল দিল্লীৰ গুৰু তেগ বাহাদুৰৰ ওচৰলৈ আহে আৰু তেওঁলোকৰ কষ্টৰ বিষয়ে উল্লেখ কৰি কয় যে ঔৰংজেৱে জোৰ কৰি তেওঁলোকৰ ধৰ্ম সলনি কৰিবলৈ চেষ্টা কৰিছে৷ কাশ্মীৰি পণ্ডিত সকলক মোগল ৰজা ঔৰংজেৱে অপমান কৰা বুলিও কয় যোগীয়ে৷