newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সৈতে লগলাগি মিত্ৰজোঁটৰ চৰকাৰ চলাই থকা জেডিএছ দলৰ মুৰব্বী তথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীয়ে এখন সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে আবেগিত হৈ পৰাৰ লগতে চকুলো টোকা পৰিলক্ষিত হয়৷
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীৰ দল জেডিএছ দলে মুখ্যমন্ত্ৰী পদবী লাভ কৰাত আয়োজন কৰা সভাত সতীৰ্থই দিয়া ফুলৰ মালা পৰ্যন্ত স্বীকাৰ নকৰিলে৷ কুমাৰস্বামীয়ে কয় যে মই কাকো নোকোৱাকৈ বেদনা লুকাই ৰাখিছোঁ৷ যি বিষতকৈ কম নহয়৷ যিবোৰ হৈ আছে তাৰ দ্বাৰা সুখী নহয় বুলিও কয়৷