newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে লোকসভাত অগ্নিপৰীক্ষা দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে৷ প্ৰথমবাৰৰ বাবে টিডিপি সহ দেশৰ মুঠ প্ৰায় ১৬টা দলে চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে শুকুৰবাৰে আস্থা ভোট অনুষ্ঠিত হ’ব৷ আস্থা ভোটৰ পূৰ্বে চৰ্চা হ’ব লোকসভাত৷ বিৰোধী দলৰ নেতাসকলে ভাষণ প্ৰদান কৰি চৰকাৰৰ ভুল সমূহ উল্লেখ কৰিব৷ আনহাতে চৰকাৰৰ পক্ষৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেইবাজনো নেতাই চৰকাৰৰ কাম কাজৰ সফলতা সন্দৰ্ভত ভাষণ প্ৰদান কৰিব৷
বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল অধ্যক্ষৰ সন্মুখত৷ অধ্যক্ষ তথা চৰকাৰে ৰাজি হৈছিল অনাস্থা সন্দৰ্ভত আলোচনা কৰিবলৈ৷