Home ৰাজনীতি৩২৫টা ভোট লাভ মোডী চৰকাৰৰ, বিৰোধী দলে পালে ১২৬টা, অনাস্থা প্ৰস্তাৱ খাৰিজ

৩২৫টা ভোট লাভ মোডী চৰকাৰৰ, বিৰোধী দলে পালে ১২৬টা, অনাস্থা প্ৰস্তাৱ খাৰিজ

by News Desk
62 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ১৮ জুলাইত সংসদৰ বৰ্ষাকালীন অধবেশন আৰম্ভ হোৱাৰ পিছৰে পৰা দেশত তীব্ৰ হৈ চৈ আৰম্ভ হয়৷ আনাস্থা প্ৰস্তাৱক লৈ গৰম হৈ পৰিছিল দেশৰ ৰাজনীতি৷ কিন্তু অৱশেষত আস্থা দেখুৱালে মোডী চৰকাৰে৷ আস্থা ভোটত জয়ী হ’ল মোডী চৰকাৰ৷ ৩২৫ ভোট লাভ কৰি বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱ খাৰিজ কৰে সংসদে৷ লোকসভাত অনাস্থা ভোটত পৰাজয়বৰণ কৰে বিৰোধী৷ এই প্ৰস্তাৱৰ বিপক্ষে ভোট দান কৰে ৩২৫জন সাংসদে৷ ১২৬ জন সাংসদে সপক্ষে ভোট দান কৰে৷ মুঠ ৪৫১ জন সাংসদে ভোট দান কৰিছিল৷ বৰ্ষাকালীন অধিবেশনৰ সমস্ত এটা দিন আনাস্থাৰ নামত অতিবাহিত কৰিব লগা হয় সদনে৷ 

লোকসভাত শুকুৰবাৰে বিৰোধী দলৰ অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে টিডিপি সহ দেশৰ মুঠ প্ৰায় ১৬টা বিৰোধী দলে অবিশ্বাস প্ৰস্তাৱৰ আনিছিল। শুকুৰবাৰে এই বিষয় আলোচনা হোৱাৰ লগতে আস্থা ভোট অনুষ্ঠিত হয়৷ তাৰ পূৰ্বে বিৰোধী দল আৰু শাসক দলৰ নেতাই এই বিষয়ত নিজ নিজ দলৰ মন্তব্য আগবঢ়াব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দীৰ্ঘ ভাষণ প্ৰদান কৰি বিৰোধীক সমালোচনা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0