newsnextone.com | ডিজিটেল ডেস্কঃ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ তৃতীয়টো দিন উত্তপ্ত হৈ পৰে দুয়োখন সদন৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত হৈ হাল্লা কৰাত সদন পুনৰ উত্তপ্ত হৈ পৰে। আনহাতে, টিডিপিৰ সাংসদসকলে সংসদ ভৱনৰ চৌহদত থকা মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়াও পৰিলক্ষিত হয়।
টিডিপিয়ে উত্থাপন কৰা অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত চৰ্চা আৰু ভোটদান অনুষ্ঠিত হৈ যোৱাৰ পিছতোঁ টিডিপিয়ে সোমবাৰে পুৱাৰে পাৰ আৰম্ভ হোৱা সদন পুনৰ উত্তপ্ত কৰি তোলে।অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ লগতে অন্ধ্ৰপ্ৰেদশ ৰাজ্যৰ পুনৰ গঠন কৰাৰ দাবী জনাই পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰে অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে৷ টিডিপি দলৰ সাংসদসকলে সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ থিয় দি প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংসদ সকলে বিভিন্ন শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷