newsnextone.com | ডিজিটেল ডেস্কঃ ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ আশু আৰোগ্য কামনা কৰি সমৰ্থকে চিকিৎসালয়ৰ বাহিৰত প্ৰৰ্থনা কৰা দেখা যায়৷ ৯৪ বছৰীয়া এম কৰুণানিধি, পুত্ৰ এমকে ষ্টেলিন আৰু কন্যা কানি মুঝিৰ ফটো লৈ সন্মুখত লৈ একাংশ সমৰ্য়তকে ৯৪ বছৰীয়া কৰুণানিধিৰ আশু আৰোগ্য কামনা কৰে৷
উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰা অসুস্থ হৈ থকা দেশৰ জ্যেষ্ঠ নেতগৰাকীয়ে যোৱা কেইটমান দিনত বৈছিকৈ অসুস্থ হৈ পৰাত দেওবাৰলৈ নিজ আবাসতে চিকিৎসা গ্ৰহণ কৰি আছিল৷ তাপ মাজতে দেওবাৰে হঠাৎ পুনৰ অসুস্থ হৈ পৰাত নিশা আবাসৰ পৰা হস্পিতাললৈ অনা হয়৷ চেন্নাইৰ কাবেৰি হস্পিতালত এটা বিশেষ চিকিৎসকৰ দলৰ তত্বাৱধনাত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰক্ত চাপ আৰু জ্বৰৰ চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা যায়৷