newsnextone.com | গুৱাহাটীঃ অসমৰ বান, গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাক লৈ কোনে দিনে একাষাৰ মাত নিদিয়া ৰাজনৈতিক দলে এনআৰচিক লৈ ৰাজনীতি আৰম্ভ কৰিছে। বিৰোধীয়ে সোমবাৰে সদনৰ দুয়ো সদন উত্তাল কৰাৰ সময়তে মঙলবাৰেও সংসদ ভৱনৰ চৌহদত বিৰোধী দলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
এনআৰচিৰ সম্পৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় নিউজ চেনেলে সক্ৰিয় হৈ পৰাৰ লগতে ৰাজনৈতিক দল সমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কিন্তু এনে সক্ৰিয়তা কোনো কালে অসমৰ বান, খহনীয়াকে ধৰি আন সমস্যাক লৈ সক্ৰিয় হোৱা দেখা নাযায়।