নলবাৰীঃ নলবাৰী সদৰ সমষ্টিৰ অন্তৰ্গত ৬নং পশ্চিম বতাহগিলা গাও পঞ্চায়তৰ অন্তৰ্গত বৰকুৰাত অাজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টিৰ এটা মূখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ।
এই কাৰ্যালয়টো মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্ম্মাই। কাৰ্যালয় মুকলি অনুষ্ঠানত উওৰ-পূবৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰন সম্পাদক অজয় জামাল,বিজেপিৰ মুখপাএ মনোজ বৰুৱা,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,খাটা-বতাহগিলা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিতুল ডেকা,অঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নিৰোদ ডেকা,সভাপতি পদৰ প্ৰাৰ্থী বিৰেন দাস,গাও পঞ্চায়তৰ সদস্যা বৰ্ণালী দাস সহ দুই সহস্ৰাধিক লোক উপস্হিত থাকে।