68
কাৰ্বি আংলং ব্যুৰ’: অহা ৮ জানুৱাৰীত অনুষ্ঠিতব্য কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰে৷
কংগ্ৰেছ, বি জে পিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীসহ কৰ্মী-সমৰ্থকক লগত লৈ বোকাজান নগৰ সমিতিৰ কাৰ্যালয়ত বোকাজান নগৰ সমিতিৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়া খৰচিং টেৰাঙৰ হাতত মনোনয়ন-পত্ৰ দাখিল কৰে৷