ডিজিটেল ডেস্কঃ গোৰক্ষা, ৰাষ্ট্ৰীয়বাদ, হিন্দুত্ববাদৰ ধামখুমীয়াত মৰ্যদা হেৰাইছে নেকি সংবাদ মাধ্যমে? এই কথাৰেই প্ৰতিফলন ঘটিছে শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত৷ ’ৰিপৰ্টছ উইদৱাউট বৰ্ডাৰ্ছ’ নামৰ এক অনলাইন এজেঞ্চিয়ে প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য৷
সমগ্ৰ বিশ্বৰ ভিতৰতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত অৱনমিত হৈছে ভাৰতৰ স্থান৷ বিগত বৰ্ষত তালিকাত ভাৰতৰ স্থান ১৩৩ আছিল যদিও এইবাৰ ৩টা স্থান পিছুৱাই ভাৰতৰ স্থান হৈছে ১৩৬৷
সমীক্ষাত কোৱা হৈছে যে ভাৰতত বৃদ্ধি হৈছে সংবাদমাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ। মুলত ৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দুত্ববাদী সকলে ’দেশদ্ৰোহ’ৰ সংঘাত বৃদ্ধি পোৱাৰ বাবেই সংবাদ মাধ্যমৰ ওপৰত বৃদ্ধি পাইছে চেঞ্চৰছীপৰ হেচা৷