১৯৬২ চনত চীনে ভাৰতৰ বৰ্তমানৰ অৰুণাচল (তেতিয়াৰ নেফা)ত অনাধিকাৰ প্ৰৱেশ কৰিছিল। চীনা সৈন্য বমডিলা পৰ্যন্ত অগ্ৰসৰ হৈছিল আৰু ভাৰতৰ সেনা পিছুৱাই আহিবলৈ বাধ্য হৈছিল। চীনৰ এই আগ্ৰাসন সন্দৰ্ভত উক্ত বৰ্ষৰ ২০ নৱেম্বৰত ৰেডিঅ’যোগে দেশবাসীক সম্বোধন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে। সেই ভাষণটোৰ অনুবাদ আগবঢ়োৱা হ’ল—
মোৰ প্ৰিয় দেশবাসী,
প্ৰায় এমাহ পূৰ্বে মই আপোনালোকক অনাতাঁৰযোগে সম্বোধন কৰি চীনে ভাৰত আক্ৰমণ কৰাৰ কথা কৈছিলো। আৰম্ভণিতে সংখ্যাত কম আছিল যদিও ক্ৰমান্বয়ে বৃহৎ সংখ্যক চীনা সৈন্য আমাৰ দেশৰ উত্তৰ-পূব প্ৰান্তৰে সোমাই আহি যোৱা ২০ অক্টোবৰৰ দিনা হঠাৎ তাত থকা আমাৰ সেনাবাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে।
সেই যুদ্ধত আমাৰ সৈন্যই তিষ্ঠিব নোৱাৰি পিছুৱাই আহিবলৈ বাধ্য হৈছিল। স্বাভাৱিকতেই এয়া আমাৰ বাবে দুখদায়ক। সেই সময়তে ৰেডিঅ’ যোগে আপোনালোকক ব্যক্ত কৰা সম্বোধনত মই পৰিস্কাৰকৈ আমাৰ দৃঢ় সংকল্পৰ কথা ব্যক্ত কৰি কৈছিলোঁ যে আমাৰ ওপৰত হোৱাএই আক্রমন সর্বশক্তি প্রয়োগ কৰি আমি সম্মুখিন হ’ব লাগিব আৰু আক্রমনকাৰী সকলক খেদি নপঠিউৱা পর্যন্ত আমি ক্ষান্ত নহওঁ। লগতে মই এইষাৰ কথাও কৈছিলোঁ যে আমি প্রস্তুত থাকিব লাগিব কাৰণ আমাৰ সন্মুখত এনে এটা পক্ষ আছে যি একো নীতি-নিয়ম নামানে।
(পূৰ্বৰ ভাষণটোত কৈছিলঃ এই দেশৰ পুৰুষ-মহিলা আমি সকলোৱেই শান্তিৰ পূজাৰী, আমি সকলোৱেই শান্তিৰ পথেৰে অগ্ৰসৰ হ’বলৈ প্ৰতিজ্ঞাবদ্ধ। এইটো কাৰণতেই আমি ৫ বছৰ পূৰ্বে লাডাখৰ আমাৰ ভূমিত হোৱা আক্ৰমণ সত্ত্বেও শান্তিৰ নীতিৰেই আগবাঢ়িবলৈ প্ৰয়াস কৰিছোঁ। আমি এই যুগৰ যুদ্ধৰ বিভীষিকাৰ কথা ভালদৰেই জানো আৰু পৃথিৱীখনক যুদ্ধৰ অগনিত জাহ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি আহিছোঁ। কিন্তু আমাৰ সকলো চেষ্টাই আমাৰ নিজৰ চাৰিসীমাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। আমাৰ চাৰিসীমাত আজি শক্তিশালী আৰু নীতিহীন প্ৰতিপক্ষই শান্তিৰ কথা নাভাবি আৰু শান্তিপূৰ্ণ উপায়সমূহলৈ কোনো গুৰুত্ব নিদি আমাক হুমকি দিয়াতেই ক্ষান্ত নাথাকি সেই হুমকিক বাস্তৱ ৰূপ দিছে।)
আজি মই আকৌ আপোনালোকক এই সন্দৰ্ভত কিছু কথা ক’ব বিছাৰিছোঁ কিয়নো যোৱা দুই তিনি দিনমানৰ ভিতৰত আমালৈ আকৌ কিছুমান পৰাজয়ৰ বেয়া খবৰ আহিছে। নেফাৰ উত্তৰ দিশেৰে আগুৱাই অহা বৃহৎ সংখ্যক চীনা সৈন্যৰ সৈতে ‘চিলা ৰি’ৰ ‘বালং’ত হোৱা যুদ্ধত আমাৰ সৈন্যই পৃষ্ঠভংগ দিব লগা হৈছে। আনকি আজি নেফাৰ এখন সৰু চহৰ ‘ব’মডিলাৰো পতন ঘটিছে। উত্তৰ দিশতো, লাডাখ সীমান্তত চীনা সৈন্যৰ আক্ৰমণ সংঘটিত হৈছে যদিও সেই আক্রমণ সদ্যহতে প্রতিহত কৰা হৈছে।
হে দেশবাসী, কোনো বিদেশী ৰাষ্ট্ৰই ভাৰতত এনেদৰে অনধিকাৰ প্ৰৱেশ কৰাটো আমি মানি নলওঁ। দেশে স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ এয়া প্ৰথমখন যুদ্ধ আৰু যিমানেই দীঘলীয়া সময় নালাগক কিয় আৰু আমাৰ যিমানেই ক্ষতি নহওক কিয়, ভাৰতে কোনো কাৰণতে এই যুদ্ধত পৰাজয় বৰণ নকৰে। সেয়ে আজিৰ দিনটো আমাৰ বাবে দুখৰ দিন হ’লেও, বিপৰ্যয় আৰু বাধাৰ সন্মুখীন হোৱাৰ বাতৰি আহিলেও, মই অসমৰ জনসাধাৰণক আৰু নেফাৰ জনসাধাৰণক বিশেষভাৱে সাহস যোগাই সমগ্ৰ দেশবাসীকে ক’ব খুজিছো যে আমি এই লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। আমাৰ দুখ লগাটো স্বাভাৱিক, কিন্তু আমি এই সমস্ত বিপৰ্যয়ৰ সন্মুখীন কৰিব পৰাকৈ নিজকে সাজু কৰি তুলিব লাগিব আৰু আমাৰ সংকল্পক অধিক দৃঢ় কৰি তুলিব লাগিব যাতে আমি সকলো আক্ৰমণ প্ৰতিহত কৰিব পাৰো আৰু আক্ৰমণকাৰীক দেশৰ সীমাৰ পৰা বাহিৰ কৰি দিব পাৰোঁ।
আক্ৰমণকাৰীসকল ভাৰতৰ পৰা গুচি নোযোৱালৈ বা খেদি পঠিয়াব নোৱৰালৈকে আমি মুঠেই ক্ষান্ত নহ’ম। শত্ৰুপক্ষই দিয়া কোনোধৰণৰ চৰ্তই আমি মানি নলওঁ। কাৰণ চৰ্ত মানি ল’লেই সিহঁতে ভাবিব যে আমি অলপকৈ হ’লেও ভয় খাইছোঁ। এই কথা মই আপোনালোক সকলোকে, বিশেষকৈ এই মুহূৰ্তত মোৰ হৃদয় সহানুভূতিৰে ভৰি পৰা অসমত বাস কৰা নাগৰিকসকলক স্পষ্ট কৰি দিব খুজিছোঁ। (I want to make that clear to all of you and more specially to our countrymen in Assam to whom our heart goes out at this moment.)
আমি ভাৰতৰ সীমান্তত সাম্ৰাজ্যবাদৰ আটাইতকৈ আগ্ৰাসী ৰূপ দেখিবলৈ পাইছোঁ। চীনে প্ৰায়েই কৈ আহিছে যে তেওঁলোক সাম্ৰাজ্যবাদ বিৰোধী, কিন্তু এতিয়া আমি দেখিছোঁ যে তথাকথিত সাম্ৰাজ্যবাদ বিৰোধী দেশখনেই ভয়ংকৰ সাম্ৰাজ্যবাদী হৈ পৰিছে আৰু কোনো কাৰণ নোহোৱাকৈয়ে এখন বন্ধুভাবাপন্ন দেশৰ সীমান্তত আগ্ৰাসন চলাইছে আৰু ভিত্তিহীন অভিযোগেৰে সেই আগ্ৰাসনক ন্যায্যতা দিবলৈ চেষ্টা চলাইছে।
মই স্বীকাৰ কৰিব লাগিব যে মই খুব কমেইহে সত্যৰ ইমান ভয়ানক বিকৃতি দেখিছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় নীতিক উপহাস কৰা দেখিছোঁ। আমি ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’ব লাগিব। কেৱল আমিয়েই নহয়, বৰং স্বাধীনতাক সন্মান জনোৱা এছিয়া, আফ্ৰিকা, ইউৰোপ অথবা আমেৰিকা য’ৰেই নহওক কিয় সভ্য বিচাৰধাৰাৰ প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিখন দেশেই ইয়াৰ বিৰুদ্ধে মাত মতা উচিত।
এইখিনিতে আমাৰ সমৰ্থনত তাৎক্ষণিকভাৱে মাত মতা প্ৰতিখন বন্ধু ৰাষ্ট্ৰ তথা আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইনক বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমাক হয়তো আৰু সহায়ৰ প্ৰয়োজন হ’ব আৰু নিশ্চিতভাৱে আমি সকলোৰে সহায় ল’ম, কিয়নো এয়া হৈছে আমাৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন।
আমি খেলি থকা এয়া কোনো খেল নহয় – যদিহে আপোনালোকে ক’ব খোজে তেন্তে ক’ব পাৰে যে এয়া জীৱন আৰু মৃত্যুৰ খেল – এখন দেশৰ জীৱন আৰু মৃত্যু আৰু সেই দেশখনৰ কোটি কোটি লোকৰ জীৱন আৰু মৃত্যু। খেল যিয়েই নহওক, আমি আগুৱাই গৈ থাকিম, লাগিলে যিয়েই নহওক কিয়, আমাৰ উদ্দেশ্য সঠিক আৰু আমাৰ বিজয় হ’বই বুলি দৃঢ় বিশ্বাস লৈ আমি আগবাঢ়িম। মই বিচাৰোঁ যে আপোনালোক সকলোৱেই এই বিশ্বাসকেই সাৰোগত কৰিব আৰু কোনোক্ষেত্ৰতেই নিৰাশ হৈ নপৰিব।
সীমান্তৰ প্ৰতিটো খবৰেই আমি সমগ্ৰ দেশবাসীক ডাঁৰে ডাঁৰে জনাই যাম যাতে এই সংকটৰ সন্মুখীন হ’ব পৰাকৈ দেশবাসী একগোট হৈ থাকিব পাৰে। কিয়নো এই সংকট কেৱল অসম, লাডাখ তথা কেৱল ভাৰততেই সীমাবদ্ধ নহয়, এয়া এছিয়া মহাদেশৰ বাবেই এক সংকট আৰু এয়া সমগ্ৰ বিশ্বৰ বাবেই এক সংকট। সেয়ে আহক, আজি আমি সকলোৱে অন্তৰৰ পৰা আকৌ এবাৰ সমস্বৰে কওঁ — জয় হিন্দ।
