চৌদিশে কেৱল বাৰুদৰ গোন্ধ আৰু ৰাজপথত তেজৰ চেঁকুৰা। মানুহৰ মনত প্ৰতিনিয়ত জীৱন নাশৰ আশংকা। কিন্তু তাৰ পাছতো কোনেও থমকি ৰোৱা নাই। যিমানেই চৰকাৰ কঠোৰ হৈছে, সিমানেই সাহস বুকুত বান্ধি ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা। প্ৰতিদিনেই মৃত্যুৰ তালিকাখন আৰু বেছি দীঘলীয়া হৈ গৈ আছে। চৰকাৰৰে তথ্য অনুসৰি, হিংসাৰ এই বিভীষিকাই এতিয়ালৈকে কাঢ়িছে পাঁচ সহস্ৰাধিকৰ প্ৰাণ!
মধ্যপ্ৰাচ্যৰ দেশ ইৰানত যোৱাটো বছৰৰ শেষৰ মাহত যি ক্ষোভৰ জুইৰ ফিৰিঙতি জ্বলিছিল, সি যে ইছলামিক গণৰাজ্যৰ শক্তিশালী সিংহাসন কঁপাই তুলিব, সেয়া কোনেও কল্পনা কৰা নাছিল। এফালে ভোকাতুৰ জনতাৰ আৰ্তনাদ আৰু আনফালে চৰকাৰী মেচিনগানৰ নিৰ্দয় শব্দ- এই দুই বিপৰীত মেৰুৰ মাজত পিষ্ট হৈ ইৰানৰ জনসাধাৰণে এতিয়া সূচনা কৰিছে এক বৃহৎ গণ বিদ্ৰোহৰ। চৰম অৰ্থনৈতিক দুৰৱস্থাৰ পৰা আৰম্ভ হোৱা এই কাহিনীত এতিয়া ৰাজনৈতিক দমন আৰু সামাজিক বৈষম্যৰ ক’লা অধ্যায় সংযোজিত হৈছে। দেশখনত সূচনা হোৱা এই বিদ্ৰোহৰ পৰা পৰিত্ৰাণ বিচাৰি ইতিমধ্যে সমগ্ৰ দেশতে ইণ্টাৰনেট কৰ্তন কৰি বিশ্বৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে ইৰাণে। একে সময়তে হাজাৰ হাজাৰ জনৰ মৃতদেহৰ স্তূপৰ ওপৰত থিয় দি এতিয়াও নিজৰ অস্তিত্বৰ যুঁজ অব্যাহত ৰাখিছে দেশখনে।
এই সংকটৰ মূল শিপা নিহিত হৈ আছে ইৰানৰ জৰ্জৰিত অৰ্থনীতিৰ মাজত। বহু বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা নিষেধাজ্ঞা, আঞ্চলিক সংঘাতত অংশগ্ৰহণ আৰু আভ্যন্তৰীণ কু-পৰিচালনাৰ ফলত ইৰানৰ অৰ্থনৈতিক অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল। বিশেষকৈ ২০২৫ চনত ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে, যাৰ পৰিণতিত ইৰানৰ মুদ্ৰা ৰিয়ালৰ মূল্য ইতিহাসৰ সৰ্বনিম্ন স্তৰত উপনীত হয়। এনেবোৰ কাৰণেই জনতাৰ মনত ধীৰে ধীৰে ক্ষোভৰ জুই জ্বলাই শেহতীয়াকৈ বিদ্ৰোহৰ সূচনা কৰে। এতিয়া প্ৰতিবাদকাৰীসকলে কেৱল অৰ্থনৈতিক সংস্কাৰেই বিচৰা নাই, বৰঞ্চ দেশখনৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ নেতৃত্বত থকা চৰকাৰৰো পতন বিচাৰি তীব্ৰ চিঞৰ তুলিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত এয়া আটাইতকৈ বৃহৎ আৰু ভয়ংকৰ জনজাগৰণ হিচাপে বিবেচিত হৈছে।
এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাটচৰ দৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনসমূহে ইৰানত চলি থকা এই দমনমূলক কাৰ্যক ‘অভূতপূৰ্ব’ বুলি অভিহিত কৰিছে। দেশখনৰ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাৰ খবৰ পোৱা গৈছে। ইণ্টাৰনেট সেৱা বন্ধ থকাৰ পিছতো সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান ভিডিঅ’ আৰু সাক্ষীৰ ভাষ্য পোহৰলৈ আহিছে, যিয়ে চিকিৎসালয় আৰু মৰ্গসমূহত মৃতদেহৰ সংখ্যা বৃদ্ধি পোৱাৰ ইংগিত দিছে। ইৰানৰ এনে ভয়ংকৰ পৰিস্থিতিয়ে এই মুহূৰ্তত শংকিত কৰি তুলিছে সমগ্ৰ বিশ্বক।
প্ৰতিবাদৰ আৰম্ভণি আৰু বিস্তাৰঃ অৰ্থনৈতিক অসন্তুষ্টিৰ পৰা ৰাজনৈতিক বিদ্ৰোহলৈ
এই প্ৰতিবাদৰ সূত্ৰপাত ঘটে ২০২৫ চনৰ ২৮ ডিচেম্বৰত তেহৰানৰ বাণিজ্যিক এলেকাৰ পৰা। বৰ্ধিত মুদ্ৰাস্ফীতি আৰু মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বিৰুদ্ধে ব্যৱসায়ীসকলে দোকান-পোহাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অতি কম সময়ৰ ভিতৰতে এই অসন্তুষ্টি চিৰাজ, ইছফাহান আৰু আনকি গ্ৰাম্য অঞ্চলসমূহলৈকো বিয়পি পৰে। এই আন্দোলনত কেৱল ব্যৱসায়ীয়েই নহয়, বৰঞ্চ ছাত্ৰ-ছাত্ৰী, মহিলা আৰু বালোচ তথা কুৰ্দৰ দৰে সংখ্যালঘু সম্প্ৰদায়সমূহো একগোট হৈ জপিয়াই পৰে। প্ৰথম অৱস্থাত এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও নিৰাপত্তা বাহিনীৰ কঠোৰ আৰু হিংসাত্মক প্ৰতিক্ৰিয়াই কম সময়ৰ ভিতৰতে হিংসাত্মক ৰূপ প্ৰদান কৰে এই শান্তিপূৰ্ণ প্ৰতিবাদক।
নতুন বছৰৰ জানুৱাৰী মাহৰ আৰম্ভণিতে দেখা যায় যে ইৰানৰ সকলো ৩১ খন প্ৰদেশৰে প্ৰায় ১৮০ খন চহৰত এই প্ৰতিবাদ বিয়পি পৰিছে। প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰাৰ লগতে চৰকাৰী ভৱনসমূহতো আক্ৰমণ চলায় আৰু ‘খামেনেইৰ মৃত্যু হওক’ বুলি শ্লোগান দিয়ে। কিছুমান ঠাইত ইৰানৰ নিৰ্বাসিত প্ৰাক্তন শ্বাহ মহম্মদ ৰেজা পাহলভীৰ পুত্ৰ ৰেজা পাহলভীৰ সমৰ্থনতো শ্লোগান শুনা যায়। লক্ষ্যণীয়ভাৱে ইৰানত এই গণ বিদ্ৰোহৰ মূল চালিকা শক্তিহিচাপে পৰিগণিত হয় যুৱ প্ৰজন্ম আৰু নাৰী সমাজ।
বিশেষকৈ ৮ আৰু ৯ জানুৱাৰীৰ নিশা আটাইতকৈ বেছি হিংসাত্মক ঘটনা সংঘটিত হয়, য’ত নিৰাপত্তা বাহিনীয়ে জনতাৰ ওপৰত গুলীবৰ্ষণ কৰে। মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, মহিলাৰ সুৰক্ষাৰ দৰে বিষয়ৰ জৰিয়তে ইৰানীৰ মনত উকমুকাই উঠা এই প্ৰতিবাদৰ লহৰে পৰ্যায়ক্ৰমে সমগ্ৰ দেশ চুই যোৱাত প্ৰতিবাদৰ ভাষাও সলনি হ’বলৈ আৰম্ভ কৰে। প্ৰতিবাদকাৰীসকলে এতিয়া কেৱল অৰ্থনৈতিক সংস্কাৰ নহয়, বৰঞ্চ দেশৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল- এই আন্দোলনে ইৰানৰ আভ্যন্তৰীণ বৈষম্যকো এতিয়া বিশ্বৰ আগত উন্মোচিত কৰিছে, য’ত চহৰীয়া আৰু গ্ৰাম্য জনসাধাৰণ একেলগে চৰকাৰৰ বিৰুদ্ধে থিয় দিছে। ইণ্টাৰনেট বন্ধ কৰি দিয়াৰ পিছতো ষ্টাৰলিংকৰ দৰে মাধ্যমৰ সহায়ত খবৰবোৰ বিয়পি পৰিছে আৰু ক্ৰমান্বয়ে প্ৰতিবাদৰ পৰিসৰ বৃদ্ধি কৰিছে।
অৰ্থনৈতিক কাৰণঃ সংকটৰ গভীৰ শিপা
উল্লেখ্য যে, ইৰানৰ অৰ্থনীতি দশক দশক ধৰি নিষেধাজ্ঞা আৰু অদক্ষ পৰিচালনাৰ বাবে জৰ্জৰিত হৈ আহিছে। ২০১৮ চনত আমেৰিকা পাৰমাণৱিক চুক্তিৰ পৰা আঁতৰি অহাৰ পিছত ইৰানী মুদ্ৰা ৰিয়ালৰ মূল্য প্ৰায় ৯০ শতাংশ হ্ৰাস পায় আৰু ২০২৫ চনৰ ইজৰাইল যুদ্ধই ইয়াক আৰু বেছি শোচনীয় কৰি তোলে। দেশখনত বৰ্তমান মুদ্ৰাস্ফীতিৰ হাৰ ৪০ ৰ পৰা ৫২ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ বাবে সাধাৰণ মানুহৰ জীৱন যাপন দুৰ্বিষহ হৈ পৰিছে।
একে সময়তে, প্ৰায় ৭২ শতাংশ বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ দাম। সংস্থাপনৰ অভাৱে বিধ্বস্ত কৰিছে দেশখনৰ ভিতৰ মহল। যুৱক-যুৱতীসকলৰ মাজত নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ষ্টেটিষ্টিকেল চেণ্টাৰ অফ ইৰানৰ তথ্য অনুসৰি, ২০২৫ চনত মূল্যবৃদ্ধিৰ গড় হাৰ আছিল ৫২ শতাংশ। ইয়াৰ ফলত বিদেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে তেহৰানৰ বজাৰৰ ব্যৱসায়ীসকলৰ ওপৰত। যাৰ বাবে সেই ব্যৱসায়ীসকলেও পোনপ্ৰথমে প্ৰতিবাদৰ আৰম্ভণি কৰিছিল।
অন্যহাতে, ইৰানৰ বৰ্তমানৰ এই পৰিস্থিতিৰ আন এটা কাৰণ হ’ল দেশখনৰ আগ্ৰাসী মনোভাৱ। যুদ্ধই কেৱল এটা পক্ষৰ ক্ষতি নকৰে- সেয়াই যেন আখৰে আখৰে বাস্তৱ হৈছে ইৰানৰ বাবে। দেশখনে য়েমেন আৰু লেবাননৰ দৰে দেশত চলোৱা যুদ্ধসমূহে ধ্বংস কৰিছে নিজ দেশৰে সম্পদসমূহ। ইয়াৰোপৰি, আভ্যন্তৰীণ দুৰ্নীতিয়ে অধিক পক্ষাঘাতগ্ৰস্ত কৰি তুলিছে দেশখনৰ পৰিস্থিতি। বিশেষজ্ঞসকলৰ মতে, চৰকাৰৰ অৰ্থনৈতিক নীতিসমূহ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু ইয়ে জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। এই অৰ্থনৈতিক সংকটে এতিয়া এক ৰাজনৈতিক আন্দোলনৰ ৰূপ লৈছে।
হিংসা আৰু মৃত্যুৰ সংখ্যাঃ এক অভূতপূৰ্ব নৰসংহাৰ
ইৰানৰ চৌদিশে এতিয়া কেৱল মৃতদেহ আৰু মৃতদেহ! জনতাৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদ দমনৰ বাবে প্ৰশাসনৰ কঠোৰ হঠকৰিতাই মৃত্যু উপত্যকালৈ পৰিণত কৰিছে কেইবাখনো চহৰ। হাস্পতালত আহতৰ বাবে ঠাইৰ অভাৱ ঘটিছে, মৰ্গত ঠাই নাপাই আৱৰ্জনাৰ দমৰ দৰে য’তে ত’তে পৰি ৰৈছে মৃতদেহ। উচ্চতম নেতা খামেনেইয়ে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি দেশখনত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৫ হাজাৰৰো অধিক লোকে। ইৰানৰ এগৰাকী চৰকাৰী বিষয়াই সদৰী কৰা মতে, দেশখনত নিহতসকলৰ ভিতৰত আছে পাঁচ শতাধিক নিৰাপত্তা বাহিনীৰ সদস্যও। দেওবাৰে ৰয়টাৰ্ছক দিয়া এক সাক্ষাৎকাৰত বিষয়াজনে কয় প্ৰতিবাদৰ সময়ত একাংশ “সশস্ত্ৰ বিদ্ৰোহী আৰু সন্ত্ৰাসবাদীয়ে” ইচ্ছাকৃতভাৱে নিৰীহ লোকক লক্ষ্য কৰি লোৱাৰ ফলতেই অধিকাংশ সাধাৰণ নাগৰিকৰ মৃত্যু ঘটে। বিশেষকৈ দেশখনৰ উত্তৰ-পশ্চিম কুৰ্দ অধ্যুষিত অঞ্চলসমূহত আটাইতকৈ বেছি সংঘাত আৰু হতাহতৰ ঘটনা সংঘটিত হৈছে বুলি তেওঁ উল্লেখ কৰে। বিষয়াজনে লগতে অভিযোগ কৰে যে ইজৰাইল আৰু বিদেশৰ পৰা পৰিচালিত সশস্ত্ৰ গোটসমূহে এই প্ৰতিবাদকাৰীসকলক অস্ত্ৰ আৰু সমৰ্থন আগবঢ়ায়।
চৰকাৰে মৃতকৰ এই তথ্য প্ৰদান কৰিলেও অৱশ্যে মানৱ অধিকাৰ সংগঠনসমূহৰ মতে হতাহতৰ সংখ্যা ভিন্ন। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত ‘হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সী’য়ে জনোৱা মতে, এতিয়ালৈকে ৩,৩০৮ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু ৪,৩৮২ টা গোচৰ এতিয়াও পৰ্যবেক্ষণৰ অধীনত আছে। সংগঠনটোৰ মতে, দেশজুৰি ২৪,০০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে এমনেষ্টিৰ মতে এই সংখ্যা ২,০০০ তকৈ অধিক আৰু একাংশ ইৰানী চিকিৎসকৰ ৰিপোৰ্ট অনুসৰি এই সংখ্যা ১৬,৫০০ লৈকে হ’ব পাৰে।
ক্ৰমাৎ বাঢ়ি অহা বিদ্ৰোহ আৰু চৰকাৰবিৰোধী জনমতৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীয়ে জনতাক দমন কৰিবলৈ লাইভ এম্যুনিচন, মেচিন গান আৰু মেটেল পেলেট ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। প্ৰত্যক্ষদৰ্শীৰ মতে, নিৰাপত্তা বাহিনীয়ে মানুহৰ মূৰ আৰু চকু লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছে। চিকিৎসালয়ত ভৰ্তি হৈ থকা আহতসকলৰ ওপৰতো আক্ৰমণ চলোৱাৰ খবৰ পোৱা গৈছে আৰু গ্ৰেপ্তাৰ কৰা লোকসকলক অকথ্য নিৰ্যাতন চলোৱা হৈছে।
চৰকাৰী ব্যৱস্থাঃ ইণ্টাৰনেট ব্লেকআউট আৰু সামৰিক মোতায়েন
ইৰান চৰকাৰে প্ৰতিবাদ দমন কৰিবলৈ যোৱা ৮ জানুৱাৰীৰ পৰাই সমগ্ৰ দেশজুৰি বন্ধ কৰিছে ইণ্টাৰনেট সেৱা। তথ্যৰ প্ৰসাৰ ৰোধ কৰিবলৈ চৰকাৰে ইচ্ছাকৃতভাৱে এই পদক্ষেপ গ্ৰহণ কৰিছে যাতে প্ৰতিবাদকাৰীসকলৰ মাজত সমন্বয় স্থাপন হোৱাত বাধাৰ সৃষ্টি হয়। নেটব্লকছৰ মতে, এই ব্লেকআউট ইতিমধ্যে ১৮০ ঘণ্টাৰো অধিক সময় ধৰি চলি আছে, যিটো পূৰ্বৰ ২০১৯ বা ২০২২ চনৰ প্ৰতিবাদতকৈও বহুত বেছি। চৰকাৰে ঘোষণা কৰিছে যে ইণ্টাৰনেট সেৱা পৰ্যায়ক্ৰমেহে বাহাল কৰা হ’ব আৰু এই প্ৰক্ৰিয়া ৪০ দিনীয়া শোকৰ সময়সীমাৰ পিছত বা ন’ৰোজৰ সময়লৈকে পিছুৱাই যাব পাৰে। এই পদক্ষেপৰ ফলত ইৰানৰ অৰ্থনীতিৰ প্ৰতি ঘণ্টাৰ মূৰে মূৰে ১.৫ নিযুত ডলাৰৰ লোকচান হৈছে।
তেহৰানকে ধৰি প্ৰধান চহৰসমূহ এতিয়া নিৰাপত্তা বাহিনীৰ ছাউনীত পৰিণত হৈছে। হাজাৰ হাজাৰ নিৰাপত্তা কৰ্মী আৰু আই আৰ জি চিৰ গোটসমূহক মোতায়েন কৰা হৈছে। খৰমাবাদৰ দৰে চহৰত টেংকসমূহক গুৰুত্বপূৰ্ণ স্থানত স্থাপন কৰা হৈছে। খামেনেইয়ে প্ৰতিবাদকাৰীসকলক ‘আমেৰিকা আৰু ইজৰাইলৰ পদাতিক বাহিনী’ বুলি আখ্যা দিছে যাতে বিদেশী হস্তক্ষেপৰ দোহাই দি এই দমনক বৈধতা দিব পৰা যায়। ইফালে ইৰানৰ ন্যায়মন্ত্ৰীয়ে এই প্ৰতিবাদক ‘আভ্যন্তৰীণ যুদ্ধ’ বুলি অভিহিত কৰি প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ ভাবুকি প্ৰদান কৰিছে।
কিন্তু চৰকাৰৰ এনে ব্যৱস্থাইও আন্দোলনটোক সম্পূৰ্ণৰূপে স্তব্ধ কৰিব পৰা নাই। হেকাৰসকলে চৰকাৰী টিভি চেনেল হেক কৰি বিৰোধী বাৰ্তা প্ৰচাৰ কৰিছে। বিশেষজ্ঞসকলৰ মতে, নিৰাপত্তা বাহিনীক দীৰ্ঘদিন ধৰি মোতায়েন কৰি ৰাখিলে তেওঁলোকৰ মাজতো ভাগৰ আৰু অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে। শেষত চৰকাৰৰ এই কৌশলসমূহে তেওঁলোকৰ দুৰ্বলতাহে প্ৰকট কৰিছে কাৰণ তেওঁলোকে জনসাধাৰণৰ মূল সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হোৱা নাই।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াঃ নিষেধাজ্ঞা আৰু যুদ্ধৰ ভাবুকি
ইৰানৰ এই গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি এতিয়া সমগ্ৰ বিশ্বৰে নজৰ। শেহতীয়াকৈ নেপাল, তাৰ পিছত বাংলাদেশত উত্থান ঘটা এই বিদ্ৰোহে সলনি কৰি পেলাইছিল ভাৰতৰ প্ৰতিবেশী দেশ দুখনৰ ৰাজনৈতিক ভৱিষ্যত। বিশেষকৈ জেন জি বা নতুন প্ৰজন্মৰ প্ৰতিবাদ উন্মাদনাই যিদৰে বাংলাদেশ আৰু নেপাল কঁপাইছিল, সেইদৰেই এতিয়া ইৰাণৰ বাবেও সৃষ্টি কৰিছে চৰম সংকটৰ। এনে পৰিস্থিতিত এনে গণবিদ্ৰোহৰ উন্মাদনা লাহে লাহে বিশ্বৰ অন্য দেশলৈকো বিয়পি পৰাৰ আশংকা ব্যক্ত কৰিছে বিভিন্নজনে।
ইৰানৰ এনে প্ৰতিবাদমুখৰ পৰিস্থিতিত প্ৰতিবাদকাৰীলৈ মুকলি সমৰ্থন আগবঢ়াইছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ পৰা সহায় আৰু সেনা প্ৰেৰণৰ কথা দোহাৰি তেওঁ ইৰানৰ ওপৰত কৰা আক্ৰমণক ‘পূৰ্ণ পৰ্যায়ৰ যুদ্ধ’ বুলি অভিহিত কৰিছে। ট্ৰাম্পে ইৰানৰ উচ্চপদস্থ বিষয়া আৰু দমনৰ লগত জড়িত থকা প্ৰতিষ্ঠানসমূহৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ উপৰিও তেওঁ ভাবুকি দিছে যে যিবোৰ দেশে ইৰানৰ সৈতে বাণিজ্য অব্যাহত ৰাখিব, তেওঁলোকৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব। ট্ৰাম্পৰ এই ভাবুকিয়ে এতিয়া চাপ বৃদ্ধি কৰিছে চীন আৰু ভাৰতৰ দৰে দেশসমূহৰ ওপৰতো।
আনহাতে ইজৰাইলেও ইৰানৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি তীব্ৰতৰ কৰিছে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইতিমধ্যে হুংকাৰ তুলিছে যে অতি সোনকালে ইৰানৰ আকাশত ইজৰাইলী যুদ্ধবিমান দেখা পোৱা যাব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই বিষয়টো লৈ জৰুৰী বৈঠক অনুষ্ঠিত হৈছে, য’ত আমেৰিকা আৰু ইৰানৰ প্ৰতিনিধিয়ে ইজনে সিজনক দোষাৰোপ কৰা দেখা গৈছে। ইউৰোপীয় ইউনিয়ন আৰু জি-৭ ৰাষ্ট্ৰসমূহেও ইৰানৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা জাৰি কৰাৰ কথা চিন্তা কৰিছে। লণ্ডন আৰু বাৰ্লিনৰ ৰাজপথত ইৰানৰ জনসাধাৰণৰ সমৰ্থনত হাজাৰ হাজাৰ লোকে বিক্ষোভ প্ৰদৰ্শন কৰিছে।
অৱশ্যে এই যুদ্ধ পৰিস্থিতিত চিৰাচৰিতভাৱেই শান্তি আৰু আলোচনাৰ আহ্বান জনাইছে চীন আৰু তুৰস্কই। ইৰানৰ বৈদেশিক মন্ত্ৰীয়ে আমেৰিকাৰ এই নীতিসমূহে অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি কৰা বুলি অভিযোগ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহলত ইৰান এতিয়া সম্পূৰ্ণৰূপে এঘৰীয়া হৈ পৰাৰ উপক্ৰম হৈছে।
ঐতিহাসিক পটভূমি: ১৯৭৯ চনৰ পৰা এতিয়ালৈকে
উল্লেখ্য যে, বৰ্তমানৰ এই প্ৰতিবাদে ১৯৭৯ চনৰ সেই ঐতিহাসিক ইছলামিক বিপ্লৱৰ কথা মনত পেলাই দিয়ে য’ত শ্বাহ মহম্মদ ৰেজা পাহলভীক ক্ষমতাৰ পৰা ওফৰাই পেলোৱা হৈছিল। সেই সময়ৰ দৰেই বৰ্তমানো ব্যৱসায়ীসকলে বজাৰ বন্ধ কৰি ধৰ্মঘট কৰিছে। ১৯৭৯ চনৰ পিছত যদিও ইৰানে পশ্চিমীয়া প্ৰভাৱ ত্যাগ কৰি ইছলামিক গণৰাজ্য প্ৰতিষ্ঠা কৰিছিল, কিন্তু খুব সোনকালেই জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ২০০৯ চনত নিৰ্বাচনী বিসংগতিৰ বিৰুদ্ধে আৰম্ভ হৈছিল ‘গ্ৰীণ মুভমেণ্ট’। অৱশ্যে কম দিনৰ ভিতৰত এই প্ৰতিবাদ দমন কৰিবলৈ সক্ষম হৈছিল ইৰানে।
২০১৯ চনৰ ‘ব্লাডী নৱেম্বৰ’ত ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ১৫০০ লোকৰ মৃত্যু হৈছিল। আকৌ ২০২২ চনত মহছা আমিনৰ মৃত্যুক কেন্দ্ৰ কৰি ‘মহিলা, জীৱন, স্বাধীনতা’ আন্দোলন গঢ়ি উঠিছিল য’ত ৫৫০ জন লোকৰ মৃত্যু হয়। এই ইতিহাস চালে দেখা যায় যে ইৰান চৰকাৰে সদায় জনতাৰ কণ্ঠক বুলেটৰ দ্বাৰা দমন কৰিবলৈ চেষ্টা কৰি আহিছে। অৱশ্যে বিশ্লেষকসকলৰ মতে, এইবাৰ পৰিস্থিতি পূৰ্বৰ দৰে নহয়। কিয়নো এইবাৰ আন্দোলনৰ সৈতে জড়িত হৈ আছে অৰ্থনৈতিক সংকট আৰু নেতৃত্বৰ উত্তৰাধিকাৰৰ দৰে গভীৰ বিষয়। অৱশ্যে পূৰ্বৰ দৰেই এইবাৰো বাৰুদৰ শব্দৰে প্ৰতিবাদ দমন কৰিবলৈ কোনো ক্ৰটি ৰখা নাই খামনেইৰ চৰকাৰে। কিন্তু তৎসত্বেও বিশেষজ্ঞসকলৰ মতে, যদি এই দমন অব্যাহত থাকে তেন্তে দেশখনে আৰু এক ডাঙৰ বিপ্লৱৰ মুখ দেখাটো খাটাং।
লাহে লাহে শান্ত হৈছে পৰিস্থিতি! কিন্তু এতিয়াও আঁতৰা নাই সংকটৰ ছায়া
যোৱা দুটা দিনত প্ৰতিবাদৰ তীব্ৰতা আগতকৈ কিছু কমিছে, কিন্তু জনসাধাৰণৰ মাজত এতিয়াও উত্তেজনা বিৰাজমান। মানুহৰ মাজত নিৰাপত্তা বাহিনীৰ প্ৰতি এক তীব্ৰ ভয়ৰ সৃষ্টি হৈছে। ১৮ জানুৱাৰীৰ নিশা হেকাৰসকলে চৰকাৰী টিভিৰ ছেটেলাইট সম্প্ৰচাৰ হেক কৰি নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলভীৰ বাৰ্তা প্ৰচাৰ কৰে। তেওঁ নিৰাপত্তা বাহিনীক জনসাধাৰণৰ ওপৰত অস্ত্ৰ তুলি নল’বলৈ আহ্বান জনায়। ইয়াৰ জৰিয়তে চৰকাৰৰ সুৰক্ষা ব্যৱস্থাৰ দুৰ্বলতা পুনৰ এবাৰ প্ৰকাশ পাইছে।
ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে যদিও ই কেৱল চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কিছুমান বিশেষ ব্যৱহাৰকাৰীৰ মাজতহে সীমাবদ্ধ থাকিব পাৰে। দেশখনৰ ৰাষ্ট্ৰপতি মছুদ পেজেশকিয়ানে ইণ্টাৰনেটৰ ওপৰত থকা বাধা আঁতৰাবলৈ পৰামৰ্শ দিছে যদিও চূড়ান্ত সিদ্ধান্ত উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদেহে গ্ৰহণ কৰিব। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফোন কল আৰু এছ এম এছ সেৱা আংশিকভাৱে মুকলি হৈছে।
ভয়ংকৰ গণবিদ্ৰোহ আৰু চৰকাৰৰ দমনমূলক নীতিৰ মাজতে এতিয়া এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে ইৰান। ইয়াৰ পৰা হয়তো শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন হ’ব নতুবা আৰু অধিক কঠোৰ দমন নীতি প্ৰয়োগ হ’ব। এয়া স্পষ্ট যে, আন্তঃৰাষ্ট্ৰীয় চাপ আৰু জনসাধাৰণৰ তীব্ৰ অসন্তুষ্টিৰ বাবে থৰকবৰক হৈ পৰিছে খামেনেইৰ ক্ষমতাৰ গাদী। অৱশ্যে এতিয়ালৈকে নিৰাপত্তা বাহিনী চৰকাৰৰ প্ৰতি অনুগত হৈ আছে বাবেই শাসন চলি আছে।
এনে পৰিস্থিতিত কূটনৈতিক বিশেষজ্ঞসকলৰ মতে, অৰ্থনৈতিক সংকট, উত্তৰাধিকাৰৰ সমস্যা আৰু আঞ্চলিক বিচ্ছিন্নতাবাদৰ দৰে মূল সমস্যাবোৰ সমাধান নকৰিলে ইৰানৰ এই সংকট দূৰ হোৱাৰ কোনো আশা নাই। যদি চৰকাৰৰ পতন ঘটে তেন্তে ৰেজা পাহলভীৰ দৰে ব্যক্তিয়ে কোনো ভূমিকা পালন কৰিব পাৰে, কিন্তু তাৰ লগে লগে এক অৰাজকতাৰ সৃষ্টি হোৱাৰো আশংকা নথকা নহয়। মুঠৰ ওপৰত ইৰানৰ ভৱিষ্যত এতিয়া দেশখনৰ জনসাধাৰণৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে। আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ ফলত যুদ্ধ হোৱাৰ সম্ভাৱনা থাকিলেও এক সুস্থ সংস্কাৰেহে দেশখনলৈ স্থিৰতা ঘূৰাই আনিব পাৰিব বুলি মত আগবঢ়াইছে বহু কূটনৈতিক বিশেষজ্ঞই।