বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা কেবাগৰাী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কালি বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পৰিষদীয় সমষ্টিৰ ভালেকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও আজিহে মনোনয়ন পত্ৰ দাখিল কৰে গৰিষ্ঠসংখ্যাক প্ৰাৰ্থীয়ে।
বিশেষকৈ বিজেপিৰ বোকাজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন ছাত্ৰ নেতা মাধুৰ্য ঢেকীয়াল ফুকন, বৰজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য লংকি টিমুং, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক আৰু পৰিষদীয় সদস্য জগত সিং ইংতি, দেওপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মুকুট মহন্ত, নিলিপ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰৱিত্ৰ ৰংপি, দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন পৰিষদীয় সদস্য ৰতন ইংতি আৰু ছ’ছেন ধেণ্টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাছে ৰংপিয়ে বৃহৎ সংখ্যক কৰ্মী-সমৰ্থকক লগতলৈ নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে ৷