ডিফুঃ আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা টিকট লাভ কৰিব নোৱাৰি দলটোক এসেকা দিবলৈ গঠন কৰা কাৰ্বি আংলং ডেমক্ৰেটিক ফ্ৰণ্টে আজি জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ আনুষ্ঠানিক ভাবে ঘোষণা কৰে৷
বৈঠালাংছ, ডিফু আৰু বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত দুৱাৰ আমলাত ধনীৰাম ইংলেং, আমৰিত ডিত উফিং মাছলাই, কপিলীত পৱন কুমাৰ, লাংফেৰত ফুদিং তেৰাং, মহামায়াত বিদ্যাচিং ৰংপি, ধনশিৰিত নিচ’ তেৰাংপি, সিংহাসনত প্ৰদীপ চিংনাৰ, সৰু পথাৰ কাদম তেৰাংপী, বোকাজানত জীৱন চন্দ্ৰ পাঠক, দেউপানীত সূৰ্য্য ৰংফাৰ, নিলীপত থেমচন তিচ’, দুৱাৰ বাগৰিত ৰিচাৰ্ড টকবীসহ ১৩ পৰিষদীয় সমষ্টিত প্ৰাৰ্থী আগবঢ়াই প্ৰতিদ্বন্দিতাত নামিব ফ্ৰণ্টে।