69
ডিজিটেল ডেস্কঃ শনিবাৰে নিশাৰ ভাগত লণ্ডন ব্ৰীজৰ সমীপত তিনি দুষ্কৃতিকাৰীৰ আক্ৰমণত ৬ জনকৈ লোক নিহত হোৱা বুলি লণ্ডন আৰক্ষীয়ে সদৰী কৰিছে। আক্ৰমণকাৰী তিনিজনক আৰক্ষীয়ে গুলীয়াই ধৰাশায়ী কৰা বুলিও সূত্ৰত প্ৰকাশ পাইছে।
শনিবাৰে নিশা ভেন এখনে পদপথৰ যাত্ৰীক মহতিয়াই নিয়াৰ পিছতে এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হয়। ভেনৰপৰা নমা ব্যক্তিকেইজনে ইজনৰ পিছত আনজন পদচাৰীক হানি-খুচি মাৰিবলৈ চেষ্টা চলায়।
ঘটনাত ৬ জন লোকৰ মৃত্যু হয়।