ডিজিটেল ডেস্কঃ যৌন আতিশায্যৰ অভিযুক্ত এজন ডাক্তৰে নিজে কাম কৰা হস্পিতালতে চলালে নিৰ্বিচাৰ আক্ৰমণ। ৰোগীৰ ওপৰত যৌন আতিশায্যৰ অভিযোগ উত্থাপিত কৰাৰ ক্ষোভতেই পোতক তুলিবলৈ হাতত ৰাইফল লৈ ব্ৰংক্স লেবানন নামৰ হস্পিতালখনত শুকুৰবাৰে প্ৰৱেশ কৰে ডাক্তৰ হেনৰী বেলো।
নিউয়ৰ্ক চহৰৰ মানহাট্টানৰ হস্পিতালখনত চলা আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ভালেমান লোকক আহত হয়। পিছত ডাক্তৰ বেলোই নিজকে জ্বলাই দি আপোনঘাতী হোৱাৰ চেষ্টা চলায়। পিছত নিজ ৰাইফলৰ গুলিত বেলোৰ মৃত্যু হয়।