গুৱাহাটীঃ এছ পি অ’ৰ প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ দীঘলীপুখুৰী। পুনৰ সংস্থাপনৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চাকৰি হেৰুওৱা কেইবাশতাধিক এছ পি অ’ই ইউনিফৰ্ম পিন্ধিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ২ ঘন্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিগত সময়ৰ দৰে ৰাজ্য চৰকাৰে তেওঁলোকক নিযুক্তি দিম বুলি প্ৰবঞ্চনা কৰিলে ধৈৰ্য্যৰ চৰম সীমা অতিক্ৰম কৰিব বুলি ক্ষোভ উজাৰি চাইকেলেৰে দিল্লী যাত্ৰা কৰি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ হুংকাৰ দিয়ে এছ পি অ’ সকলে৷
আনহাতে যোৱা ৫ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি আজি অৰ্থ্যৎ ১৭ জুলাইত ২ ঘন্টাৰ প্ৰতিবাদ কৰি ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি নিদিলে পৰৱৰ্তী ১০ মিনিটত অসমবাসী এক ভয়ানক পৰিস্থিতিৰ সাক্ষী হ’ব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিছিল বিশেষ অাৰক্ষী বিষয়া কল্যাণ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷ অৱশ্যে আজি তেনেধৰণৰ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা নগ’ল।