গুৱাহাটী - কালি অনুষ্ঠিত অসম বিধান সভাৰ প্ৰথম দিনটোত ৰাজ্যখনৰ জলন্ত সমস্যা মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে আগবঢ়োৱা সদন স্থগিতৰ প্ৰস্তাৱ চৰকাৰে মিথ্যাচাৰেৰে আৰু অধ্যক্ষই পক্ষপাতিত্বৰে নাকচ কৰা কাৰ্যৰ তীব্ৰ গৰিহণা দিয়ে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে। উল্লেখযোগ্য যে কালি বিৰোধী পক্ষ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বাঁওপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰে পৃথকে পৃথকে আগবঢ়োৱা তিনিখন জাননী যোগে সদন স্থগিত ৰাখি ৰাজ্যখনৰ অত্যন্ত স্পৰ্শকাতৰ, গুৰুত্বপূৰ্ণ বিষয় ক'ভিড সৃষ্ট আৰু অৰ্থনৈতিক পৰিস্থিতিয়ে ৰাজ্যখনৰ জনসাধাৰণক বিধ্বস্ত কৰা সময়তে হোৱা পেট্ৰলজাত আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি বিষয়টো আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱৰ বিৰোধিতা কৰি চৰকাৰী পক্ষৰ হৈ মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে পেট্ৰলজাত সামগ্ৰী ৰাজ্য চৰকাৰৰ এক্তিয়াৰত নপৰে, ই কেন্দ্ৰীয় চৰকাৰৰহে বিষয়। লগতে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি পেট্ৰলজাত সামগ্ৰীৰ সৈতে জড়িত বিষয়। গতিকে এই মূল্যবৃদ্ধি বিষয়টো ৰাজ্যৰ বিধান সভাৰ আলোচনাৰ বিষয় হ'ব নোৱাৰে। আনহাতে তেওঁ এক প্ৰকাৰ গৰ্বৰে কয় যে যোৱা বছৰৰ ক'ভিডৰ সময়ত ৰাজ্য চৰকাৰে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ লগাইছিল আৰু পাছত অসম চৰকাৰেই খুব সম্ভৱ প্ৰথম এই কৰ বাতিল কৰিছিল। এফালে তেওঁ পেট্ৰলজাত সামগ্ৰীৰ বিষয় ৰাজ্য চৰকাৰৰ নহয় বুলি কৈছে, আকৌ আনফালে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত কৰ লগোৱাৰ কথাও কৈছে। এনেদৰে তেওঁ স্ববিৰোধী যুক্তি আগবঢ়ায়। তেওঁ কোৱা মতে যদি পেট্ৰলজাত সামগ্ৰী বিষয়ত ৰাজ্য চৰকাৰৰ এক্তিয়াৰ নাইয়ে তেন্তে কেনেকৈ ৰাজ্য চৰকাৰে কৰ লগাইছিল! মন্ত্ৰীজনৰ মিথ্যাচাৰ তেওঁৰ নিজৰ কথাতে ধৰা পৰিছে। গতিকে তেওঁ নিজেই প্ৰমাণিত কৰিলে যে পেট্ৰলজাত সামগ্ৰী বিষয়টো ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ ভিতৰৰ বিষয়। আনহাতে মন্ত্ৰীজনে নিজেই প্ৰকাশ কৰিছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি পেট্ৰলজাত সামগ্ৰীৰ সৈতে জড়িত বিষয়। লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সৈতে অবৈধ মজুতকৰণেৰে কৃত্ৰিম নাটনি, চিণ্ডিকেট, ক'ভিডৰ দৰে পৰিস্থিতিৰ সুবিধা লৈ অসাধু ব্যৱসায়ীৰ অপ্ৰয়োজনীয় মূল্যবৃদ্ধি আদি বিষয় জড়িত আৰু এই বিষয় সমূহ ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ এক্তিয়াৰৰ ভিতৰৰ বিষয়। মন্ত্ৰীজনে ৰাজ্য চৰকাৰৰ হৈ চৰম মিথ্যাচাৰেৰে এনেদৰে ৰাজ্যৰ জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলা বিষয়টো সদনত আলোচনা কৰিবলৈ অসন্মত হয় আৰু বিধান সভাৰ অধ্যক্ষৰ দৰে মৰ্যাদা পূৰ্ণ আসনৰ সন্মান লাঘৱ কৰি বৰ্তমানৰ অধ্যক্ষজনে চৰম পক্ষপাতিত্বৰে চৰকাৰী পক্ষৰ জনস্বাৰ্থ বিৰোধী কাৰ্যত সহযোগ কৰিলে বুলি এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰাই মন্তব্য আগবঢ়ায়। এক প্ৰেছ বিবৃতিৰ জড়িয়তে সংগঠনটোৱে এই অভাৱনীয় মূল্যবৃদ্ধি আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত নগাঁৱৰ মিকিৰ বামুণীৰ জনগোষ্ঠীয় দৰিদ্ৰ কৃষকৰ খেতিমাটি কাঢ়ি পুঁজিপতি কোম্পানীক গটোৱা বিষয় দুটা অসম বিধান সভাৰ চলিত অধিৱেশনত বিশেষ ভাৱে আলোচনা কৰিবৰ বাবে সজোৰে দাবী তোলে।

এই সন্দৰ্ভত এআইএছএফৰ উপ সভাপতি বিতোপন গগৈয়ে কয় যে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কাৰ্বি আৰু আদিবাসী জনগোষ্ঠীয় অতি দৰিদ্ৰ খেতিয়কৰ ৰায়তি খতিয়ান প্ৰাপ্ত প্ৰায় ৩০০ বিঘা খেতি মাটি ৰাজহ বিভাগে দহ বছৰে খেতি নোহোৱাৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰি আৰু হস্তী বিচৰণ ভূমি উক্ত অঞ্চলটো বন বিভাগে হাতী বিচৰণ ভূমি নহয় বুলি ভুৱা আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰি আজুৰ পাৱাৰ কোম্পানী নামৰ এটা সৌৰ শক্তি উৎপাদন কোম্পানীলৈ হস্তান্তৰ কৰে। ৰাজহ বিভাগে খেতিয়ক সকলৰ ৰায়তী খতিয়ান সমূহ চক্ৰান্তমূলক ভাৱে লুকুৱাই এই খেতিমাটিত উচ্ছেদৰ বাবে আনকি খেতিয়কৰ গেঁৰ ধৰা ধাননিৰ ওপৰত বুলডজাৰ চলাই দিছিল। নিজৰ খেতি মাটি ঘূৰাই বিচাৰি মিকিৰ বামুণীৰ খেতিয়ক সকলে যোৱা প্ৰায় ছমাহ ধৰি অবিৰত ভাৱে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে যদিও চৰকাৰে পুঁজিপতি কোম্পানীৰ পক্ষ লৈ আজি পৰ্যন্ত এই বিষয়টোত অকণো কাণসাৰ দিয়া নাই। এই অঞ্চলৰ সমীপতে ১৮টা হাতীৰ ৰহস্যজনক মৃত্যুৰ শোকাবহ ঘটনাটোও এই ভূমি দখলৰ সৈতে সম্পৰ্কিত বুলি জনসাধাৰণে সন্দেহ প্ৰকাশ কৰিছে। সেয়ে এই বিষয়টো সদনত বিশেষ ভাৱে আলোচনা কৰি জনগোষ্ঠীয় খেতিয়ক সকলৰ খেতি মাটি তেওঁলোকক উভতাই দিবলৈ দাবী জনাই এআইএছএফে। ইফালে চৰকাৰে কেবিনেট সিদ্ধান্তৰ জড়িয়তে ৰাজ্যৰ গাঁওবুঢ়া বাবটোৰ নাম গাওঁপ্ৰধানলৈ সলনি কৰা বিষয়টোৰ বিৰোধিতা কৰি সংগঠনটোৱে কয় যে ভাৰতবৰ্ষখন এখন বৈচিত্ৰ্য পূৰ্ণ দেশ। এই বৈচিত্ৰ্যই দেশখনক সামাজিক-সাংস্কৃতিক-ভাষিক ভাৱে সমৃদ্ধিশালী কৰিছে। তেনে বৈচিত্ৰ্যৰে অংশ অসমৰ ভাষা সমূহৰ স্বকীয়তা আছে। তাৰে ফলস্বৰূপে গাঁও একোখনৰ চৰকাৰী দায়িত্ব প্ৰাপ্ত ব্যক্তিক গৰাকীক দেশৰ আন অঞ্চলৰ দৰে নকৈ অসমত গাঁওবুঢ়া বুলি কোৱা হয়। এই শব্দৰে গাঁৱৰ বুঢ়া লোকক নুবুজায়। এই শব্দৰে গাঁওখনৰ চৰকাৰী দায়িত্ব প্ৰাপ্ত মূল ব্যক্তি গৰাকীকহে বুজায়। বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰা অসমৰ নিজস্ব ভাষা-সংস্কৃতি সমূহক নস্যাৎ কৰি বলপূৰ্বক ভাৱে উত্তৰ ভাৰতীয় ভাষা-সংস্কৃতি অসমৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰি আহিছে আৰু এই গাঁওবুঢ়াক গাঁওপ্ৰধান কৰা কাৰ্যও বিজেপিৰ এনে দুষ্কাৰ্যৰে অংশ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামা প্ৰসাদ মুখাৰ্জীক অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা সজোৱা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মানস বৰাই কয় যে অসমৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতি গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তি সকলক কোনো দিনে বিজেপিয়ে মান্যতা দিব নিবিচাৰে। তাৰ পৰিবৰ্তে দীনদয়াল উপাধ্যায়, শ্যামপ্ৰসাদ মুখাৰ্জীৰ দৰে আমদানিকৃত ব্যক্তিক হে অসম তথা অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা সজাব বিচাৰে। অসমৰ কোনজন এনে বৰেণ্য ব্যক্তিক বিজেপিয়ে দীনদয়াল-শ্যামাপ্ৰসাদৰ সমান মান্যতা দিছে বুলি প্ৰশ্ন কৰি তেওঁ এনে অসম বিৰোধী তথা ইতিহাস বিকৃত কৰাৰ দৰে কাৰ্যৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে।