গুৱাহাটী: পুনৰ এবাৰ ৰাষ্ট্ৰীয় দৰবাৰত জিলিকি উঠিল অসমৰ স্বাভিমান । মঙলবাৰে ধিং এক্সপ্ৰেছ খ্যাত স্বৰ্ণকণ্যা হিমা দাসে পাট মুগাৰ সাজত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা বিৰল সন্মান অৰ্জুন বঁটা গ্ৰহণ কৰি ইতিহাস ৰচনা কৰে ।

ইফালে, ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, শিৱ থাপা আৰু জয়ন্ত তালুকদাৰৰ পিছত অৰ্জুন বঁটা বিজয়ী পঞ্চম গৰাকী অসম সন্তান হিচাপেও চিহ্নিত হৈ পৰে হিমা দাস ।

উল্লেখ্য যে, জাকৰ্তাত অনুষ্ঠিত হৈ যোৱা অষ্টাদশ এছিয়ান গেমচত স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰি হিমা দাসে বিশ্ব দৰবাৰত ভাৰতক প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ পিছতে দুৰন্ত বেগৰ অধিকাৰী হিমা দাসৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছিল ।

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে হিমা দাসক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ইফালে হিমা দাসৰ বঁটা গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে হিমাৰ প্ৰশিক্ষক নৱজিত মালাকৰকো।

অৰ্জুন বঁটা লাভ কৰাৰ পিছত এতিয়াৰে পৰা অৰ্জুন হিমা দাস হিচাপে পৰিচিতি লাভ কৰা হিমা দাসৰ এই কৃতিত্বই সমগ্ৰ অসমবাসীক গৌৰৱাম্বিত কৰি তুলিছে ।