মোৰাঝাৰ: সুদূৰ হায়দৰাবাদত অসম সন্তান, চাছ চ'ছাইটিৰ সঞ্চালক ড৹ হবিবুৰ ৰহমানক বিপুল সম্বৰ্ধনা জনায়। National forum of pharmacy students ৰ দ্বাৰা আয়োজন কৰা 'International pharmaceutical summit 2018' হায়দৰাবাদত অনুষ্ঠিত অনুষ্ঠানত হোজাইৰ বৰহাওৰস্থিত SAS SOCIETY নামৰ সমাজসেৱী সংস্থাটোক BEST HELPING NGO IN RESEARCH বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, ২০১১ চনত কে'বাগৰাকী উচ্চশিক্ষত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা 'ছাছ চছাইটি' নামৰ এই সমাজসেৱী সংগঠনটোৱে জন্মলগ্নৰে পৰা বিভিন্ন সামাজিক কাম কাজত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে, আৰু যাৰ বাবে হোজাই জিলাত অতি কম সময়ৰ ভিতৰতে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

এনেবোৰ কৰ্মৰাজিৰ বাবে অৱশেষত দেওবাৰে সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।ফলত অসমত ৰহমানৰ শুভাকাংক্ষী সকল উৎফুল্লিত হোৱা পৰিলক্ষিত হয়।