newsnextone.com | গুৱাহাটীঃ ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহৃত ভাষাটো হৈছে হিন্দী৷ ২০১১ চনৰ লোকপিয়লত ভাৰতীয় ভাষাৰ সংখ্যাত ৪৩.৬৩ শতাংশ লোকৰে মাতৃভাষা হৈছে হিন্দী৷ ২০০১ চনৰ তুলনাত হিন্দী ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোকৰ সংখ্যা ২০১১ চনত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০০১ চনত ৪১.০৩ শতাংশ লোকে হিন্দীক মাতৃ ভাষা হিচাপে স্বীকৃতি দিছিল৷ 

বাংলা ভাষাই সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে৷ বাংলা ভাষা দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ ভাষা ৰূপে স্বীকৃত হৈছে৷ সমগ্ৰ দেশৰ ভিতৰতে ভাংলা ভাষা দ্বিতীয় বৃহৎ ভাষা ৰূপে পৰিগণিত হোৱাৰ খবৰে দেশৰ বাংলা ভাষী লোকৰ বাবে উৎসাহিত হোৱাৰ কাৰণ যদিও অসমৰ বাবে এই খবৰ মুঠেই শুভলক্ষণ নহয়৷ কিয়নো আনহাতে অসমতো ভাংলা ভাষা দ্বিতীয় বৃহৎ ভাষা ৰূপে পৰিগণিত হোৱাত প্ৰমাণ হয় বাংলাভাষা কোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে অসমত৷ ফলত অস্তিত্বৰ সংকটত পৰিছে অসমীয়া ভাষা৷ অসমীয়াই এতিয়া সংকটত পৰিছে অসমীয়াৰ আইৰ ভাষাটোক লৈ৷ 

ভাষা সূচীৰ দ্বাদশ স্থানলৈ গৈছে অসমীয়া ভাষা৷ অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ক্ৰমাৎ কমি আহিছে৷ অসমৰ প্ৰধান চৰকাৰী ভাষাটো কোৱা লোকৰ সংখ্যা ক্ৰমাৎ কমি আহিছে৷ অসমীয়া ভাষাই এসময়ত যে অস্তিত্বক লৈ যুঁজ দিব লাগিব সেয়া খাতাং৷ ২০০১ চনত অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোকৰ সংখ্যা আছিল ১৩,১৬৮,৪৮৪ জন৷ অৰ্থাৎ ভাৰতৰ ১.২৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল৷ ২০১১ চনত এই সংখ্যা বৃদ্ধি পাই ১৫,৩১১,৩৫১ জন লোকে অসমীয়া ভাষাক মাতৃভাষা কৰি লয়৷ ২০১১ চনত সমগ্ৰ দেশত ১.৩১ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে৷

এনেয়ে চাব গ’লে এই তথ্যই অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা থিকেই আছে যেন লাগিলেও এক বৃহৎ প্ৰাৰ্থক্যই দেখা দিছে বাংলা ভাষাৰ সৈতে৷ যদি আমি চাব চাও ১৯৯১ চনৰ লোকপিয়লত অসমত অসমীয়া ভাষা কোৱা লোকৰ পৰিমাণ আছিল ৫৭.৮১ শতাংশ৷ ২০০১ চনৰ লোকপিয়লত এই সংখ্যা নিম্ন হৈ ৪৮.৮০ শতাংশ হয়৷ এক বৃহৎ প্ৰাৰ্থক্যই দেখা দিয়ে৷ এই প্ৰাৰ্থক্যই পূৰণ কৰাটো সম্ভৱেই নহয়৷

তাৰ পিছতে প্ৰায় ১০ বছৰ পিছত পুনৰাই ভাৰত চৰকাৰে লোক পিয়ল অনুষ্ঠিত কৰে৷ ২০১১ চনত অনুষ্ঠিত লোকপিয়লত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা পুনৰ নিম্নগামী হৈ ৪৮.৩৮ শতাংশ হয়৷ মাজৰ ২০১১-২০১১ চনলৈ মাজৰ সময়ত বৃদ্ধি নহ’ল অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা৷ এয়া আন এক বৃহৎ প্ৰাৰ্থক্যই দেখা দিয়ে৷ কিন্তু দহটা বছৰৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধি হৈছে যদিও অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি নহ’ল৷ আনহাতে দিনে দিনেই বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি হয়৷ বাংলা ভাষা কোৱা লোকৰ সংখ্যা ২০১১ চনত ২১.৬৭, ২০০১ চনত ৫১.৫৪ আৰু ২০১১ চনত সকলো ৰেকৰ্ড ভংগ কৰি ২৮.৯১ শতাংলৈ বৃদ্ধি হয়৷   

এয়া অসমৰ বাবে এক হৎ প্ৰত্যাহ্বান হৈ পৰিছে৷ উদ্বেগজনক ভাৱে অসমীয়াভাষা কোৱাৰ লোকৰ সংখ্যা হ্ৰাস পালে আৰু হৃদ্ধি হ’ল বাংলাভাষা কোৱা লোকৰ সংখ্যা৷ ২০১১ চনৰ ভাষাভিত্তিক লোকপিয়লৰ তথ্যই প্ৰকৃততে চিন্তিত কৰি তুলিছে জনসাধাৰণক। বৃহৎ প্ৰাৰ্থক্যৰ সৈতে কেনেদৰে মোকাবিলা কৰিব সেয়াবে হ’ব অসমীয়া জাতিৰ বাবে এক পৰীক্ষা৷

লোকপিয়লৰ তথ্য মতে, ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহৃত ভাষাটো হৈছে হিন্দী৷ ২০১১ চনৰ লোকপিয়লত ভাৰতীয় ভাষাৰ সংখ্যাত ৪৩.৬৩ শতাংশ লোকৰে মাতৃভাষা হৈছে হিন্দী৷ তেলেগু ভাষাক পিছ পেলাই মাৰাঠীয়ে তৃতীয় স্থানৰ আটাইতকৈ বেছি ব্যৱহৃত কথিত ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে৷ সমীক্ষা অনুসৰি, দেশৰ স্বীকৃতিপ্ৰাপ্ত ২২ টা ভাষাৰ ভিতৰত সংস্কৃত হৈছে আটাইতকৈ কম লোকে ব্যৱহাৰ কৰা ভাষা৷ ভাৰতৰ আটাইতকৈ পুৰণি ভাষা সংস্কৃত মাত্ৰ ২৪,৮২১ জন লোকেহে নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে৷ উল্লেখ্য যে, সংস্কৃত ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা বড়ো, মণিপুৰী, কংকণী আৰু ডোগৰী ভাষীতকৈও কম৷

২০১১ চনৰ লোকপিয়লৰ মতে, ভাৰতীয় ভাষাসমূহত সূচীবদ্ধ নহোৱা ভাষাৰ ভিতৰত ২.৬ লাখ লোকে ইংৰাজীক নিজৰ মাতৃভাষা হিচাপে কয়৷ এই ভাষা ব্যৱহাৰকাৰীৰ ১.০৬ লাখ লোক মহাৰাষ্ট্ৰৰ নিবাসী৷ তামিলনাডু আৰু কৰ্ণাটকতো ইংৰাজী ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া লোক আছে৷

আনহাতে, সূচীবদ্ধ নহোৱা ভাষাসমূহৰ ভিতৰত ৰাজস্থানত ব্যৱহৃত ভিলী/ভিলোৰী ভাষাই প্ৰথম স্থানত আছে৷ এই ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ১.০৪ কোটি৷ সূচীবদ্ধ নোহোৱা ভাষাৰ দ্বিতীয় স্থানত আছে গোন্দী ভাষা৷ এই ভাষা ২৯ লাখ লোকে মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে৷

২০০১ চনৰ তুলনাত ২০১১ চনত বাংলা ভাষাক মাতৃভাষা হিচাপে স্বীকাৰ কৰা লোকৰ সংখ্যা পূৰ্বৰ ৮.১১ শতাংশৰ পৰা ৮.৩ শতাংশলৈ বৃদ্ধি হৈছে৷ ইফালে, মাৰাঠী ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা ২০০১ চনৰ ৬.৯৯ শতাংশৰ পৰা বৃদ্ধি হৈ ২০১১ চনত ৭.০৯ শতাংশ হয়৷ ইয়াৰ বিপৰীতে তেলেগু ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা ৭.১৯ শতাংশৰ পৰা হ্ৰাস হৈ ৬.৯৩ শতাংশ হয়৷

এই ভাষাৰ সূচীত ২০০১ চনত ৫.০১ শতাংশ ভাষিকৰে ষষ্ঠ স্থানত থকা উৰ্দু ভাষা ২০১১ চনত ৪.৩৪ শতাংশলৈ হ্ৰাস পাই তালিকাৰ সপ্তম স্থানলৈ অৱনমিত হয়৷ ইয়াৰ বিপৰীতে গুজৰাটী ভাষাই ৪.৭৪ শতাংশ ভাষিকৰে তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয়৷