গুৱাহাটী: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ীৰ বৃহস্পতিবাৰে দেহাবসান ঘটাৰ পিছতে দেশজুৰি শোকৰ বন্যা বয় ।

সকলোৰে মাজত এগৰাকী প্ৰভাৱশালী আৰু ব্যক্তিত্বপূৰ্ণ ৰাজনৈতিক নেতা হিচাপে পৰিচিত বাজপেয়ীৰ মৃত্যুত অসমৰো বিভিন্ন ৰাজনৈতিক নেতা-মন্ত্ৰী তথা বিভিন্ন মহলে শোক প্ৰকাশ কৰে।

বলিষ্ঠ নেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম চৰকাৰে শুকুৰবাৰে সকলো চৰকাৰী কাম-কাজ স্থগিত ৰখাৰ ঘোষণা কৰে ।

আনহাতে নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক সন্মান জনাই দেশৰ গৃহ বিভাগে ১৬ আগষ্টৰ পৰা ২২ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত ৰখাৰ ঘোষণা কৰে ।

উল্লেখ্য যে , শুকুৰবাৰে বিয়লি ৪ বজাত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হব।