News Next One , বিশ্বনাথ চাৰিআলি , ১৫ আগষ্ট ঃ দেশৰ সৰ্বতে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰাৰ সমান্তৰালকৈ বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় ৷ দিৱসটিৰ লগত সংগতি ৰাখি 'স্বদেশ " নামৰ হাতে লিখা প্ৰাচীৰ পত্ৰিকা প্ৰথম বাৰৰ বাবে উন্মোচন কৰা হয় ।

বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা সভাপতি , অতিৰিক্ত উপায়ুক্ত তথা সু-লেখক সূৰ্য কমল বৰা সম্পাদক আৰু সহকাৰী আয়ুক্ত কংকনা শইকীয়া, ডo ভূপালী কাশ্যপৰ সহকাৰী সম্পাদনাত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা খনিত বিশ্বনাথ-বিহালীৰ বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীৰ লগতে ছাত্ৰ - ছাত্ৰীৰ লিখনিৰ সমৃদ্ধৰে বিশ্বনাথৰ স্বাধীনতা সংগ্ৰামী সত্বাক উদ্ভাসিত কৰাৰ প্ৰয়াস কৰিছে । প্ৰাচীৰ পত্ৰিকা খনি উন্মোচন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে । উন্মোচনী অনুষ্ঠানত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথম বাৰ লোৱা এনে প্ৰচেষ্টাক সকলোকে ধন্যবাদ জনাই ।

'স্বদেশ' নাম প্ৰাচীৰ পত্ৰিকা খন সম্পাদনাত সহযোগ আগবঢ়াই বিশ্বনাথ শিক্ষা খণ্ড
সমল শিক্ষক অঞ্জন বৰা, মনীষ কলিতা, চাৰু কমল নেওঁগ , চিদানন্দ দাস, নিৰঞ্জন
শৰ্মা আৰু হৰেণ স্বৰ্গীয়াৰীয়ে । পত্ৰিকা খনিত বেটুপাত
অংকন কৰা জাগৃতি বৰুৱা আৰু ৰঞ্জিত কাকতিৰ সুন্দৰ প্ৰচ্ছেদ অংকনেৰে বিশ্বনাথৰ মঠ- মন্দিৰ আৰু সমাজ জীৱনৰ চিত্ৰ সুন্দৰ ভাৱে উপস্থাপন হোৱাত বৌদ্ধিক মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে পত্ৰিকাখনি ধাৰাবাহিকভাবে প্ৰকাশ কৰাৰ মত প্ৰকাশ কৰে।

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ