নলবাৰী: নলবাৰী জিলাৰ পশ্চিম দিশৰ ৬১নং ধৰ্মপূৰ সমষ্টিৰ কেইটামান পথৰ জৰাজীৰ্ণ অৱস্থাই জিয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। এই পথ সমূহেৰে সাধাৰণ ৰাইজ আৰু সাধাৰণ মানুহৰ ল'ৰা-ছোৱালী, ছাত্ৰ- ছাত্ৰী, দুখীয়া ৰুগী অহা- যোৱা কৰে।

প্ৰতাপী মন্ত্ৰী- এমএলএৰ ল'ৰা-ছোৱালী কিন্ত এই পথেৰে নাহে। বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিত পথৰ দুৰৱস্থাৰ বাবে জীৱন বিপদাপন্ন কৰি প্ৰতিদিনে সাধাৰণ মানুহ, প্ৰজা সকলে এনেদৰেই জীৱন অতিবাহিত কৰিব লগাত পৰিছে।

এই পথেৰে ৰজা-মন্ত্ৰী সকলো আহে ভোট খুজিবলৈ আৰু ৰাজনৈতিক বজাৰৰ কামত তেওঁলোকৰ নিজৰ মুনাফা আদায় হলে প্ৰজা সকলৰ খবৰ লবলৈ আহৰি নাই বুলি ৰাইজে অভিযোগ কৰে।

কিন্তু ৰাইজৰ ভোটেৰে ৰজা-মন্ত্ৰী-বিধায়ক হৈ কোটিটকীয়া শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত উঠি আহে এই অভিযোগ স্থানিয় ৰাইজৰ। মন্ত্ৰী-এমএলএ বা সমিতিয়ে ডিঙি ফুলাই ভাষণ দি ৰাস্তা-ঘাটৰ উন্নযনৰ কথা কয়। পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি নামত ফলক লগাই কেৱল মাত্ৰ বিজ্ঞাপন কৰে। কিন্তু পথৰ অৱস্থা তেনেকৈযে় থাকে।

সমষ্টিৰ পৰা গৈ মন্ত্ৰী-এমএলএ হৈ ৰাজধানীৰ শীত-তাপ নিয়ন্ত্ৰিত আটকধুনীযা কোঠাত সোমাই ঠিকাদাৰ, নেতা-দালাল- বিষয়া-কৰ্মচাৰীৰ লগত গোপন বৈঠক কৰি কমিচনৰ হিচাপ কৰি হেজাৰ হেজাৰ কৌটি লুণ্ঠন কৰি আহিছে বুলি ৰাইজে গুৰুতৰ অভিযোগ কৰে। পথ জৰাজীৰ্ণ হৈ পৰি আছে তাৰে প্ৰমাণ হিচাপে ছবিয়ে মিছা নকয় বুলি ভিন্নজনে এই দাবী কৰে। এয়া ভুৱা পৰিৱৰ্তন বুলি বিভিন্নজনে ক্ষোভ উজাৰে৷