গোলাঘাট, ১১ ছেপ্টেম্বৰ : গোলাঘাট মহকুমা কল্যান বিভাগৰ উদ্যোগত আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণৰ এটা কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

অনুষ্ঠানত অংশ লৈ জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীয়ে কয় যে লাইন চকীদাৰসকলে নিজৰ কৰ্তব্যৰ বাবে বহুঠাইলৈ যাব লগীয়া হয় যদিও নিজা বাহন নথকা সকলে সদায় সমস্যাৰ সন্মূখীন হয় । চাইকেলসমূহ লাভ কৰিলে তেওঁলোকৰ যাতায়াতৰ সমস্যা ভালেখিনি লাঘৱ হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ কল্যানৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । প্ৰকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিসমূহৰ সুবিধা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে ।

অনুষ্ঠানত অসম চাহ মজদূৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈ, চাহ জনগোষ্ঠী হিতাধিকাৰী বাচনি সমিতিৰ অধ্যক্ষ শ্ৰী নাৰায়ণ মাহাৰ, খুমটাই সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি হৰিপ্ৰসাদ দত্ত আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি সীমান্ত বৰাৰ লগতে চাৰিওটা সমষ্টিৰ হিতাধিকাৰীসকল উপস্থিত আছিল । পলাশ লয়িঙে আঁত ধৰা অনুষ্ঠানটোত মহকুমা কল্যান বিষয়া ময়ূৰাক্ষী দত্তই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় । উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ ১৭৮ জন হিতাধিকাৰীক চাইকেল বিতৰণ কৰা হয় ।