গোলাঘাট, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে আজি গোলাঘাট জিলাতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ক'ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাটৰ সমন্বয় পথাৰত সীমিত কাৰ্যসূচীৰ মাজেৰে স্বাধীনতা দিৱস পালন কৰা হয় । দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে জিলাবাসীক উদ্দেশ্যি ভাষণ দিয়ে । তেওঁ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ পৰিয়াল, ক'ভিড যোদ্ধা, আদৰ্শ কৃষক আৰু গাঁওৰক্ষী বাহিনীক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক পুৰস্কাৰ প্ৰদান কৰে ।

অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ যথেষ্ট ভূমিকা আছিল বুলি উল্লেখ কৰি কয় যে দেশৰক্ষাৰ সংগ্ৰামত শ্বহীদ কুশল কোঁৱৰ, কমলা মিৰি, বিজু বৈষ্ণৱ, দ্বাৰিকী দাস আদিয়ে কাৰাগাৰতে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল । তেওঁ বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ লগতে জ্ঞাত-অজ্ঞাত সকলো স্বাধীনতা সংগ্ৰামীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । তেওঁ কয় যে ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাৰ জোৰা মৰাৰ বাবে বাজেটত ২০০ কোটি টকা ধার্য কৰা হৈছে । ক'ভিডৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ সকলোকে ক'ভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিডৰ বিভীষিকাৰ মাজতো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগিব ।

বৰ্তমানৰ চৰকাৰখনে ১লাখ নিবনুৱাক নিযুক্তি প্ৰদান, চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানছ ১১ শতাংশ বৃদ্ধি, এহেজাৰটা মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন, বটদ্ৰৱা থানক আধ্যাত্মিক সাংস্কৃতিক কেন্দ্ৰৰূপে গঢ়ি তোলা, বিদ্যালয়সমূহৰ উন্নীতকৰণ, ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ তৰান্বিতকৰণ আদি ভালেমান পদক্ষেপ লৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে গোলাঘাট জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে বাজেটত ৫০০কোটি টকা ধার্য কৰা হৈছে । চৰকাৰখনে গোলাঘাটত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় স্থাপন, অসম মালা আঁচনিৰ অধীনত দেৰগাঁৱৰ পৰা ৰঙাজানলৈকে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ আৰু ধোদৰ আলিৰ উন্নীতকৰণ আদি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে সৰুপথাৰত এটা ক্ৰীড়া প্ৰকল্প স্থাপনৰ বাবে ২৫ কোটি টকা ধার্য কৰা হৈছে । তেওঁ জিলা তথা ৰাজ্যখনৰ উন্নয়নী যাত্ৰাত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।

অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পিতৃ-মাতৃ আৰু ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আৰু শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধা তৰ্পন কৰে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে মন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এটা বিনামূলীয়া ৰক্তদান আৰু চকুৰ অস্ত্ৰোপচাৰ শিবিৰ মুকলি কৰে । তেওঁ তাত নৱনির্মিত আইচিইউ কক্ষটোও পৰিদৰ্শন কৰে। তেওঁ ক'ভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক ৰূপম দুৱৰাক তেখেতৰ বাসগৃহতে গৈ সম্বৰ্ধনা জনায়।