গোলাঘাট, ২৪ জুলাই : উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ক'ভিড পৰিস্থিতি আৰু জল জীৱন অভিযানৰ লগতে কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । জিলাখনৰ ক'ভিড পৰিস্থিতিৰ সামান্য উন্নতি হোৱাত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু আৰক্ষীক ক'ভিডৰ নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰভাৱে বলৱৎ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে । তেওঁ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম জল জীৱন অভিযানৰ সফল ৰূপায়নত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে । তেওঁ পুঁজিৰ চিন্তা নকৰাকৈ অগ্ৰাধিকাৰ ভিত্তিত এই আঁচনি ৰূপায়নত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে । এই আঁচনিৰ দ্বাৰা গোলাঘাট জিলাৰ ১ লাখৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে । বাদ পৰি যোৱা পৰিয়ালসমূহকো অতি সোনকালেই পৰ্যায়ক্ৰমে এই আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক বিভাগৰ তৰফৰ পৰা অৱগত কৰোৱা হয় ।

শ্ৰীপাটোৱাৰীয়ে গোলাঘাট জিলাত যাতে এটাও পৰিয়াল বাদ নপৰে সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে খৰাংপীড়িত সৰুপথাৰ অঞ্চলত জলসিঞ্চন বিভাগৰ সহযোগত সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত গভীৰ নলীনাদ স্থাপন কৰি খেতিয়কক কৃষিকাৰ্যত সহায় কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগক নিৰ্দেশ দিয়ে । কৃষি খণ্ডৰ বিকাশৰ বাবে বিভাগৰ বিষয়ববীয়াসকলক উদ্ভাৱনীমূলক পদক্ষেপ ল'বলৈও তেওঁ কয় । শ্ৰী পাটোৱাৰীয়ে
পৰিবহন আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰো কাম-কাজৰ পৰ্যালোচনা কৰে । পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ক'ভিড আক্ৰান্তৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যালোচনামৰ্মে জিলাখনত নিষেধাজ্ঞাসমূহ শিথিল কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পথৰ দাঁতিৰ ব্যৱসায়ীসকলৰ বাবে কিবা কৰিব পাৰি নেকি এই বিষয়ে চিন্তা-চৰ্চা কৰি আছে ।

আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।